অসম

assam

ETV Bharat / state

ৰাম ৰাম কৈ থাকোতে ৰামে ধনু-কাঁড় লৈ এদিন বিজেপিক বধ কৰিব: ৰাণা গোস্বামী - Ram Mandir

Rana Goswami Slams BJP: ৰাম ৰাম কৈ থাকোতে ৰামে ধনু-কাঁড় লৈ এদিন বিজেপিক বধ কৰিব বুলি মন্তব্য প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ ৷ চৰাইদেউৰ মৰাণত কংগ্ৰেছৰ বুথ সভাপতি সকলৰ প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ ৰাণা গোস্বামীৰ ৷

Rana Goswami Slams BJP
মৰাণত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী

By ETV Bharat Assamese Team

Published : Dec 30, 2023, 10:32 PM IST

বিজেপি চৰকাৰক তীব্ৰ সমালোচনা ৰাণা গোস্বামীৰ

মৰাণ, 30 ডিচেম্বৰ : "ৰাম মন্দিৰ বনালেই কোনোবাই ভগৱান ৰামক নিজৰ বস্তু বুলি ব্যৱহাৰ কৰিব নোৱাৰে ৷ কোনোবাই ৰাম মন্দিৰ, শিৱ মন্দিৰ, হনুমান মন্দিৰ বনাব পাৰে, সেইয়া একো ডাঙৰ কথা নহয় ৷" এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ ৷ শনিবাৰে মৰাণত উপস্থিত হৈ এই মন্তব্য কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতাজনে ৷

তেওঁ কয় যে, মন্দিৰ নিৰ্মাণৰ কথা অনবৰতে মুখত উচ্ছাৰণ কৰি থাকিলে ভগৱান ৰামে এনেকুৱা শাও দিব যে বিজেপি ওফৰি পৰিব ৷ কৰ্ণাটকত বজৰংবলীৰ নাম লৈ থকাৰ পিচতো বজৰংবলীয়ে গদাৰে কোবাই বিজেপিক ওফৰাই পঠিয়ালে বুলি কয় গোস্বামীয়ে ৷ লগতে তেওঁ কয় যে, এতিয়া শেষত ভগৱান ৰামেও ধনু-কাঁড় লৈ বিজেপি বধ কৰিব ৷

উল্লেখ্য যে, সমাগত লোকসভা নিৰ্বাচনক লৈ শাসক দল বিজেপিয়ে পঞ্চায়তে পঞ্চায়তে অনুষ্ঠিত কৰিছে বিকশিত ভাৰত সংকল্প যাত্ৰা ৷ শাসক দলৰ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি মন্ত্ৰী-বিধায়ক সকলোৱে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি এক প্ৰকাৰে লোকসভা নিৰ্বাচনৰ বাবে দলীয় ভেটি শক্তিশালী কৰাৰ বাবে উঠিপৰি লাগিছে ৷ পিছপৰি ৰোৱা নাই বিৰোধী কংগ্ৰেছ দল ৷

ৰাইজৰ মাজলৈ গৈ চৰকাৰী আঁচনিৰ কথা ক'ব নোৱাৰিলেও বুথ পৰ্যায়ৰ সভাপতি সন্মিলন আৰু বুথ পৰ্যায়ৰ এজেণ্ট সকলৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰি কংগ্ৰেছ কৰ্মী সকলৰ মনোবল বৃদ্ধি কৰাৰ বাবে চেষ্টা কৰিছে দলটোৱে ৷ আজি চৰাইদেউ জিলাৰ মৰাণ নগৰৰ মিলিত শিল্পী সমাজৰ নাট্য মন্দিৰত অনুষ্ঠিত হয় মাহমৰা ব্ল'ক কংগ্ৰেছ আৰু লাকুৱা ব্ল'ক কংগ্ৰেছ কমিটিৰ বুথ সভাপতি আৰু বি এল অ' সকলৰ প্ৰশিক্ষণ শিবিৰ ৷

এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে ৷ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে ৰাম মন্দিৰক লৈ বিজেপিয়ে ৰাজনীতি কৰাৰ অভিযোগ তোলে ৷
লগতে পঢ়ক :আলফা-চৰকাৰৰ শান্তি চুক্তিয়ে অসমত কিমান শান্তি ঘূৰাই আনিব সন্দেহ আছে : ৰাণা গোস্বামী

ABOUT THE AUTHOR

...view details