অসম

assam

ETV Bharat / state

চৰাইদেউত অনিৰুদ্ধ যাত্ৰা উদযাপন - ১০০ দিনৰ কাৰ্যকাল সম্পূৰ্ণ হোৱাত চৰকাৰে বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা দেখা গৈছে

চৰাইদেউ জিলা প্ৰশাসনে উদযাপন কৰিছে অনিৰুদ্ধ যাত্ৰা । পিছে কি এই অনিৰুদ্ধ যাত্ৰা আৰু কিয় জিলা প্ৰশাসনে উদযাপন কৰিছে এই যাত্ৰা ?

Anirudh Yatra
চৰাইদেউত অনিৰুদ্ধ যাত্ৰা উদযাপন

By

Published : Aug 21, 2021, 6:53 PM IST

চৰাইদেউ, ২১ আগষ্ট : অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa Sarma) নেতৃত্বত অসমত বিজেপি চৰকাৰে ১০০ দিন সম্পূৰ্ণ কৰিলে । ১০০ দিনৰ কাৰ্যকাল সম্পূৰ্ণ হোৱাত চৰকাৰে বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা দেখা গৈছে । এই ১০০ দিনত চৰকাৰে কৰা বিভিন্ন উন্নয়নমূলক কাম আৰু ৰাইজৰ সুবিধাৰ্থে গ্ৰহণ কৰা বিভিন্ন আঁচনিসমূহ ৰাইজক জনোৱাৰ উদ্দেশ্যে প্ৰতিখন জিলাতে শাসকীয় দল বিজেপিয়ে লৈছে বিভিন্ন পদক্ষেপ ।

ইয়াৰ মাজতে চৰাইদেউ জিলাতো জিলা প্ৰশাসনে অনিৰুদ্ধ যাত্ৰা (Anirudh Yatra) নামেৰে এক কাৰ্যসূচীৰ আয়োজন কৰে । অনিৰুদ্ধ যাত্ৰা উপলক্ষে উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত শনিবাৰে সন্ধিয়া এক সংবাদ মেল আৰু জিলাখনৰ জ্যেষ্ঠ নাগৰিকসকলৰ সৈতে এক সৌহাদ্যমূলক আলোচনা অনুষ্ঠিত হয় । এই আলোচনাত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে অংশগ্ৰহণ কৰি আগন্তুক দিনত চৰাইদেউ জিলাক সামাজিক আৰু অৰ্থনৈতিক প্ৰেক্ষাপটত আগুৱাই নিয়াৰ বাবে তেখেতে গ্ৰহণ কৰা পৰিকল্পনা সমূহ উল্লেখ কৰে ।

চৰাইদেউত অনিৰুদ্ধ যাত্ৰা উদযাপন

উক্ত সংবাদমেল তথা আলোচনাত চৰাইদেউ জিলাৰ সংবাদ মাধ্যমৰ বিভিন্ন সংগঠন সমূহৰ বিষয়া প্ৰতিনিধি সকলে বিগত ১০০ টা দিনত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সমূহৰ ওপৰত মত ব্যক্ত কৰে । আনহাতে চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট নাগৰিকসকলেও উক্ত আলোচনাত অংশগ্ৰহণ কৰি বক্তব্য আগবঢ়ায় । চৰাইদেউ জিলাৰ উপায়ুক্ত (Charaideo District Commissioner) বিনীতা পেগু, আৰক্ষী অধীক্ষক (SP) সুধাকৰ সিঙৰ লগতে চৰাইদেউ জিলা পৰিষদৰ সভানেত্ৰী বন্তি কোঁৱৰেও ভাষণ প্ৰসংগত চৰকাৰখনৰ ১০০ দিনীয়া কাৰ্যকালৰ ওপৰত আলোকপাত কৰে ।

লগতে পঢ়ক :31 আগষ্টৰ ভিতৰত মহানগৰীৰ সকলোকে প্ৰদান কৰা হ'ব ক'ভিড প্ৰতিষেধক: স্বাস্থ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details