অসম

assam

ETV Bharat / state

চৰাইদেউত দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠক - Disaster management department meeting

বাৰিষা হ'ব পৰা বান(Flood) সমস্যাৰ বাবে আগতীয়া প্ৰস্তুতি চলাইছে নতুন চৰকাৰে । চৰাইদেউ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত দুৰ্যোগ ব্যৱস্থাপনা(Disaster management) বিভাগৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । বৈঠকত জিলাখনৰ সাপেখাতী, সোণাৰি আৰু মাহমৰা এলেকাত দিচাং নদীৰ খহনীয়া ৰোধৰ বাবে যাৱতীয় ব্যৱস্থা ল'বলৈ জলসম্পদ বিভাগ(Water Resource)ৰ অভিযন্তাক নিৰ্দেশ দিয়া হয় ।

An important meeting of disaster management department held in Charideu
বাৰিষা হ'ব পৰা বান সমস্যাৰ বাবে আগতীয়া প্ৰস্তুতি নতুন চৰকাৰৰ

By

Published : Jun 12, 2021, 2:18 PM IST

মৰাণ, ১২ জুন: বাৰিষা বান-খহনীয়াই সৃষ্টি কৰিব পৰা দুৰ্যোগৰে মোকাবিলা কৰিবলৈ আগতীয়াকৈ প্ৰস্তুতি চলাইছে ৰাজ্য চৰকাৰে । চৰাইদেউ(Charaideo) জিলাতো প্ৰশাসন আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে বিভিন্ন পৰিকল্পনা যুগুত কৰিছে । শেহতীয়াকৈ এই সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয় চৰাইদেউ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত ।

অতিৰিক্ত উপায়ুক্ত তথা মুখ্য কাৰ্যবাহী বিষয়া জাভেদ আৰমানৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত জিলাখনৰ সাপেখাতী, সোণাৰি আৰু মাহমৰা এলেকাত দিচাং নদীৰ খহনীয়া ৰোধৰ বাবে যাৱতীয় ব্যৱস্থা ল'বলৈ জলসম্পদ বিভাগ(Water Resource)ৰ অভিযন্তাক নিৰ্দেশ দিয়া হয় । লগতে জিলাখনৰ ৪৪ টা বানক্ৰান্তৰ শিবিৰ তদাৰক কৰিবলৈ জিলাখনৰ ৰাজহ চক্ৰ বিষয়াসকলক নিৰ্দেশ দিয়া হয় । সাহায্য শিবিৰসমূহত যাতে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়, সেয়া নিশ্চিত কৰিবলৈ বৈঠকত চক্ৰ বিষয়া(Circle officer) আৰু বিভাগীয় কৰ্মচাৰীসকলক বিশেষভাৱে আহ্বান জনোৱা হয় ।

বাৰিষা হ'ব পৰা বান সমস্যাৰ বাবে আগতীয়া প্ৰস্তুতি নতুন চৰকাৰৰ

এই বৈঠকত জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলে বিভাগসমূহে জিলাখনত ৰূপায়ণ কৰা বিভিন্ন কামৰ খতিয়ান দাঙি ধৰে । আৰম্ভণিতে জিলা প্ৰকল্প বিষয়া বিজয়লক্ষ্মী গগৈয়ে বৈঠকৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ নডেল বিষয়া নৱ ডেকা আৰু মাৰিয়া খানেও চমু বক্তব্য আগবঢ়ায় । বৈঠকত মুখ্য কাৰ্যবাহী বিষয়া জাবেদ আৰমানে জিলাখনত প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ল'বলগীয়া ব্যৱস্থা সম্পৰ্কে জনোৱাৰ লগতে জিলাখনৰ বিষয়া-কৰ্মচাৰীসকলক সহায়-সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় । এই বৈঠকত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিদিত দাস, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালিকা নিজৰা দেৱী, অতিৰিক্ত আৰক্ষী অধীক্ষক অমিতাভ বসুমতাৰী, লোক নিৰ্মাণ বিভাগ, জলসিঞ্চন বিভাগ, জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগ, স্কুল সমূহৰ পৰিদৰ্শক কমল গগৈ, শক্তি বিভাগ আদি বিভাগ সমূহৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে ।

লগতে পঢ়ক: দেওমৰনৈত চাঞ্চল্যকৰ আত্মহত্যা

ABOUT THE AUTHOR

...view details