অসম

assam

By

Published : Aug 21, 2021, 10:06 PM IST

Updated : Aug 22, 2021, 6:31 AM IST

ETV Bharat / state

লুৰিণে বিচাৰে উমৈহতীয়া প্ৰাৰ্থী: অখিলে কি আহ্বান কৰিলে কংগ্ৰেছক ?

উপ-নিৰ্বাচনত কংগ্ৰেছক ৰাইজৰ দলৰ লগতে আঞ্চলিক দল সমূহৰ সৈতে বুজাবুজি কৰিবলৈ পুনৰ আহ্বান জনালে বিধায়ক অখিল গগৈয়ে ৷ ইতিমধ্যে, লুৰিণ জ্যোতি গগৈৰ নেতৃত্বাধীন অসম জাতীয় পৰিষদে কোনো চৰ্ত অবিহনে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থীৰ পোষকতা কৰি কংগ্ৰেছৰ সৈতে আলোচনাত মিলিত হৈছে ৷ শেহতীয়াকৈ কংগ্ৰেছৰ বহু নেতাই তৃণমূল কংগ্ৰেছৰ সৈতে অখিলৰ বৰ্ধিত মিত্ৰতাত অসন্তুষ্টি প্ৰকাশ কৰিছিল ৷

akhil gogoi requests congress to unite again with raijor dal for by election
লুৰীণে বিচাৰে উমৈহতীয়া প্ৰাৰ্থী :অখিলে কি আহ্বান কৰিলে কংগ্ৰেছক ?

মৰাণ, 21 আগষ্ট :শাসক দল বিজেপিৰ দৰেই উপ নিৰ্বাচনক লৈ ৰাইজৰ দল তৎপৰ হোৱা পৰিলক্ষিত হৈছে । ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ইতিমধ্যে উপ-নিৰ্বাচন হ'বলগীয়া মৰিয়নী আৰু থাওৰা সমষ্টিত অনুষ্ঠিত কৰিছে কেইবাখনো সভা । উপ-নিৰ্বাচনক লক্ষ্য কৰি থাওৰা ভ্ৰমণ কৰা অখিল গগৈয়ে পুনৰ কংগ্ৰেছ দলৰ সৈতে মিত্ৰতা কৰি উপ-নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ ইচ্ছা প্ৰকাশ কৰাৰ দেখা গ'ল ।

সাংবাদিকৰ আগত মত প্ৰকাশ কৰি অখিল গগৈয়ে কয় যে, 100 কোটি টকা খৰচ কৰিলেও সুশান্ত বৰগোহাঁই এইবাৰ থাওৰাত জিকিব নোৱাৰে । কিন্তু উপ-নিৰ্বাচনত উজনিৰ তিনিটা বিধানসভা সমষ্টিত কংগ্ৰেছে ৰাইজৰ দল আৰু আন আঞ্চলিক দলসমূহৰ লগত বুজাবুজি কৰিব লাগিব । যদি কংগ্ৰেছে বুজাবুজি নকৰে, উজনিৰ গোটেই কেইটা সমষ্টিতে বিজেপিক জয় হোৱাত সহায় কৰিব কংগ্ৰেছে ।

লুৰীণে বিচাৰে উমৈহতীয়া প্ৰাৰ্থী: অখিলে কি আহ্বান কৰিলে কংগ্ৰেছক ?

উল্লেখ্যে যে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি সলনি হোৱাৰ পাছতে ৰাইজৰ দল আৰু কংগ্ৰেছ দলৰ মাজত উপ-নিৰ্বাচনক লৈ কিছু আলোচনা হোৱা বুলি দুই দলৰ নেতৃত্বই ৰাজহুৱা কৰিছিল ৷ অৱশ্যে দুই দলৰ মাজত মিত্ৰতাৰ ক্ষেত্ৰত পৰৱৰ্তী সময়ত মতৰ পাৰ্থক্য দেখা পোৱা গৈছিল । ইয়াৰ ওপৰিও বহু জ্যেষ্ঠ কংগ্ৰেছী নেতাই অখিল গগৈৰ ৰাইজৰ দলৰ সৈতে মিত্ৰতা কৰাৰ বিষয়টোত মুকলিকৈ বিৰোধিতা কৰিছে ।

মন কৰিব লগীয়া কথাটো হ’ল যে, আন এটা আঞ্চলিক শক্তি লুৰিণ জ্যোতি গগৈ নেতৃত্বাধীন অসম জাতীয় পৰিষদে কোনো চৰ্ত অবিহনে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থীৰ পোষকতা কৰি কংগ্ৰেছৰ সৈতে আলোচনাত মিলিত হৈছে ৷ ইয়াৰ পাছতো অখিল গগৈয়ে কংগ্ৰেছক মিত্ৰতা কৰিবলৈ আহ্বান জনোৱাৰ পাছত কংগ্ৰেছে কি ভূমিকা পালন কৰে সেই বিষয়টো পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ'ব ।

লগতে পঢ়ক :তালিবানৰ ভয়ত দেশ এৰিছে আফগানীয়ে : অসমত থাকি তালিবানলৈ দৰদ জাগিছে কাৰ ?

Last Updated : Aug 22, 2021, 6:31 AM IST

ABOUT THE AUTHOR

...view details