মৰাণ, 26 নৱেম্বৰ :চৰাইদেউ জিলাৰ কাকতিবাৰী আৰক্ষী থানাৰ অন্তৰ্গত মাহমৰাৰ টিমনহাবি গাঁৱত উদ্ধাৰ হৈছে আহোম যুগৰ মুদ্ৰাৰ লগতে বহু ঐতিহাসিক সমল (Historical resource of the Ahom era recovered) । উদ্ধাৰ হোৱা এই সমল সমূহৰ ভিতৰত মুদ্ৰা দুটাৰ এটা ১৬৭২ খ্ৰীষ্টাব্দ আৰু আনটো ১৬৭৪ খ্ৰীষ্টাব্দৰ বুলি জানিব পৰা গৈছে ।
আনহাতে, মুদ্ৰাকেইটাৰ এটা স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ আৰু আনটো স্বৰ্গদেউ প্ৰমত্ত সিংহৰ শাসনকালৰ পৌৰাণিক মুদ্ৰা বুলি সন্দেহ কৰা হৈছে । জানিব পৰা মতে টিমনহাবি অঞ্চলৰ নিবাসী লক্ষী গগৈয়ে নিজৰ বাৰীত থকা পুখুৰীটোৰ পৰা মাটি খনন কৰোঁতে উদ্ধাৰ হয় এই ঐতিহাসিক সমল(historical resource found in pond) । লগে লগে লোকজনে উদ্ধাৰ হোৱা সামগ্ৰীসমূহ কাকতিবাৰী আৰক্ষী থানাত জমা দিয়ে ।