মৰাণ, ৩১ মাৰ্চ :ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্তিৰ বাবে চেষ্টা অব্যাহত ৰখাৰ সময়তে জিলাৰ সীমাকেন্দ্ৰিক বিবাদে সম্প্ৰতি চৰ্চা লাভ কৰিছে (Historic Charaideo Maidam in World Heritage Sites) । ২০১৫ চনতে চৰাইদেউ জিলা ঘোষণা হোৱাৰ পাছতো আজিলৈকে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ সীমা নিৰ্ধাৰণ নকৰাত সূত্ৰপাত ঘটিছে সীমাকেন্দ্ৰিক বিবাদৰ (chariadeo moidam location conflict) । প্ৰশাসনিক দুৰ্বলতাৰ বাবেই আজিলৈকে দুয়োখন জিলাৰ সীমা নিৰ্ধাৰণ নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে সচেতন মহলে ।
আনহাতে, আজিলৈকে সীমা নিৰ্ধাৰণ নোহোৱাৰ পৰিপ্ৰেক্ষিতত চৰাইদেউ মৈদামক শেহতীয়াকৈ শিৱসাগৰ জিলাত অন্তৰ্ভুক্ত কৰাৰ বাবে উঠি-পৰি লাগিছে একাংশ (charaideo moidam demand in sivasagar district) । ইয়াৰ পৰিপ্ৰেক্ষিতত এই বিষয়টো নিশ্চিত মীমাংসাৰ লগতে চৰাইদেউ মৈদাম ক্ষেত্ৰক চৰাইদেউ জিলাতে অন্তৰ্ভুক্ত কৰাৰ উদ্দেশ্যে আটাছুৰ উদ্যোগত বৃহস্পতিবাৰে সোণাৰিত অনুষ্ঠিত হয় এখন ৰাজহুৱা সভা (AATASU meeting on chairaideo moidam location) ।
এই সভাত আলোচনা কৰা হয় কেনেকৈ চৰাইদেউৰ ঐতিহাসিক মৈদামসমূহ জিলাখনৰ নিৰ্দিষ্ট সীমাৰ ভিতৰত অন্তৰ্ভুক্ত কৰিব পাৰি । উল্লেখযোগ্য যে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ দিশত আগবাঢ়িছে চৰাইদেউ মৈদাম । ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাবে দাখিল কৰা মনোনয়ন পৰ্বত সকলো কাৰিকৰী প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সমৰ্থ হৈছে চৰাইদেউ মৈদাম ক্ষেত্ৰই (UNESCO world heritage site to charaideo moidam) ।