অসম

assam

ETV Bharat / state

পৰম্পৰা ৰক্ষা কৰি চৰাইদেউ মৈদামত স্বৰ্গদেউ সকলৰ সোঁৱৰণত স্মৃতি তৰ্পণ - লোহিত গগৈ

ঐতিহাসিক চৰাইদেউ মৈদামত পৰম্পৰা ৰক্ষা কৰি স্বৰ্গদেউ সকলৰ সোঁৱৰণত স্মৃতি তৰ্পণ অনুষ্ঠিত কৰা হয় ৷ দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হয় এই তৰ্পন অনুষ্ঠান ৷

a-special-program-at-haraideo-moidam
পৰম্পৰা ৰক্ষা কৰি চৰাইদেউ মৈদামত অনুষ্ঠিত কৰা হয় স্বৰ্গদেউ সকলৰ সোঁৱৰণত স্মৃতি তৰ্পণ

By

Published : Apr 2, 2021, 2:31 PM IST

চৰাইদেউ, 2 এপ্ৰিল : ঐতিহাসিক চৰাইদেউ মৈদামত পৰম্পৰা ৰক্ষা কৰি স্বৰ্গদেউ সকলৰ সোঁৱৰণত স্মৃতি তৰ্পণ অনুষ্ঠিত কৰা হয় ৷ 1951 চনৰ পৰাই মৈদাম প্ৰাংগণত ধাৰাবাহিক ভাৱে আয়োজন কৰা স্মৃতি তৰ্পণ এই বছৰ দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হয় ৷

31 মাৰ্চ আৰু 1 এপ্ৰিলত এই তৰ্পন অনুষ্ঠানৰ দ্বিতীয় দিনা পুৱা পতাকা উত্তোলন , টাই ধৰ্মীয় ৰীতি নীতিৰে বাণ ফি আৰু স্বৰ্গদেউ সকললৈ পুস্পাঞ্জলী আৰু 42 খন শৰাই অৰ্পন কৰে ৷ তপৰ্ণ অনুষ্ঠানৰ পাছত এখনি স্মৃতিচৰণ আৰু আলোচনা সভা আয়োজন কৰা হয় । এই সভাত অৰবিন্দ ৰাজখোৱা, ধৰ্মেশ্বৰ কোঁৱৰ , লোহিত গগৈ আদিকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক :মুখ্যমন্ত্ৰী নহয় আজমল

ABOUT THE AUTHOR

...view details