অসম

assam

ETV Bharat / state

পাঁচ ঘণ্টীয়া শ্বাসৰুদ্ধকৰ পৰিৱেশৰ পিছত আৱদ্ধ নাহৰফুটুকী - leopard

সোণাৰিৰ বানফেৰা গাঁৱত কুকুৰাৰ গঁড়ালত আৱদ্ধ হোৱা এটা নাহৰফুটুকীক পিঞ্জৰাবদ্ধ কৰে বন বিভাগে ৷ বানফেৰাত গৰু-ছাগলীৰ পৰা আৰম্ভ কৰি হাঁহ-কুকুৰালৈকে ভক্ষণ কৰি এক প্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল নাহৰফুটুকীটোৱে ৷

A leopard caged
সোণাৰিত বানফেৰা গাঁৱত পিঞ্জৰাবদ্ধ এটা নাহৰফুটুকী

By

Published : Aug 2, 2021, 7:30 PM IST

মৰাণ, 2 আগষ্ট :চৰাইদেউত এতিয়া বাঘৰ আতংক ৷ সোণাৰিৰ বানফেৰা গাঁৱত কুকুৰাৰ গঁড়ালত আৱদ্ধ হয় এটা নাহৰফুটুকী ৷ ইয়াৰ পাচতে বাঘটোক ধৰিবৰ বাবে পিঞ্জৰা স্থাপন কৰে বন বিভাগে ৷ কেইবাঘণ্টাৰ নেৰা-নেপেৰা প্ৰচেষ্টাৰ অন্তত বাঘটোক পিঞ্জৰাবদ্ধ কৰে বন বিভাগে ৷

সোণাৰিৰ বানফেৰাৰ নিবাসী ৰমেশ কেওট নামৰ এজন লোকৰ ঘৰত পিঞ্জৰাবদ্ধ কৰা হয় নাহৰফুটুকীটোক । জানিব পৰা মতে, দেওবাৰে সন্ধিয়াই ৰমেশ কেওটৰ কুকুৰা গঁড়ালত সোমাইছিল নাহৰফুটুকীটো । সোমবাৰৰ পুৱা কেওটৰ পৰিবাৰে বাঘটো আৱদ্ধ হৈ থকাৰ কথা জানিব পাৰি ওচৰ-চুবুৰীয়াৰ লগতে বন বিভাগক খবৰ দিয়ে । খবৰ লাভ কৰাৰ পাচতে ঘটনাস্থলীত উপস্থিত হয় বন বিভাগ ৷

সোণাৰিত বানফেৰা গাঁৱত পিঞ্জৰাবদ্ধ এটা নাহৰফুটুকী

লগতে পঢ়ক: শিৱসাগৰৰ নামতিত ফান্দত পৰিল বনৰজা

স্থানীয় লোকে সদৰী কৰা মতে, বানফেৰা অঞ্চলৰ বহু লোকৰ পশুধন ভক্ষণ কৰি বাঘে প্ৰায়ে এক আতংকৰ পৰিৱেশ সৃষ্টি কৰি আহিছিল ৷ গৰু-ছাগলীৰ পৰা আৰম্ভ কৰি হাঁহ-কুকুৰা আদি ভক্ষণ কৰি এক প্ৰকাৰৰ সন্ত্ৰাস সৃষ্টি কৰি আহিছিল নাহৰফুটুকীটোৱে ৷ এইক্ষেত্ৰত উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বন বিভাগৰ ওচৰত দাবী জনাইছে স্থানীয় লোকে ৷

লগতে পঢ়ক: গোলাঘাটত পিঞ্জৰাবদ্ধ এটা নাহৰফুটুকী

ABOUT THE AUTHOR

...view details