নাৰী দিৱস উপলক্ষে গুৱাহাটী বিশ্ববিদ্যালত উপস্থিত ৰাজ্যপাল - আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস
নাৰী দিৱসৰ লগত সংগতি ৰাখি বিশ্ববিদ্যালয়ৰ ছাত্ৰীসকলে নাৰী সুৰক্ষা আৰু নাৰীৰ দায়িত্বৰ ওপৰত এখনি সজাগতামূলক বাটৰ নাট প্ৰদৰ্শন কৰে

গুৱাহাটী, 8 মাৰ্চঃ শুকুৰবাৰে সমগ্ৰ বিশ্বৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ DEPERTMENT OF WOMEN STUDIES বিভাগে উদযাপন কৰে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস । নাৰী দিৱসৰ লগত সংগতি ৰাখি বিশ্ববিদ্যালয়ৰ ছাত্ৰীসকলে নাৰী সুৰক্ষা আৰু নাৰীৰ দায়িত্বৰ ওপৰত এখনি সজাগতামূলক বাটৰ নাট প্ৰদৰ্শন কৰে । অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যপাল জগদীশ মুখী, বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড0 মৃদুল হাজৰিজা, বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ লগতে ছাত্ৰীসকল । নাৰী দিৱসৰ এই বিশেষ দিনটোতে বিশ্ববিদ্যালয়ৰ কেইবাগৰাকীও ছাত্ৰীক সম্বৰ্ধনা জনাই সন্মানিত কৰে ৰাজ্যপাল জগদীশ মুখীয়ে ।