অসম

assam

By

Published : Jun 13, 2019, 10:03 PM IST

ETV Bharat / state

এ পি এছ চি কেলেংকাৰীৰ নৱমখন চাৰ্জশ্বীট দাখিল

বৃহস্পতিবাৰে উচ্চ ন্যায়ালয়ত এই চাৰ্জশ্বীট দাখিল কৰে তদন্তকাৰী ডিব্ৰুগড় আৰক্ষীয়ে । ২০ জুনত এই সন্দৰ্ভত পুনৰ শুনানি গ্ৰহণ কৰিব বুলি ঘোষণা কৰে ন্যায়ালয়ে

লোকসেৱা আয়োগ কেলেংকাৰীৰ নৱমখন চাৰ্জশ্বীট দাখিল

গুৱাহাটী, ১৩ জুনঃ বহুচৰ্চিত লোকসেৱা আয়োগ কেলেংকাৰীৰ নৱমখন চাৰ্জশ্বীট দাখিল ৷ বৃহস্পতিবাৰে উচ্চ ন্যায়ালয়ত এই চাৰ্জশ্বীট দাখিল কৰে তদন্তকাৰী ডিব্ৰুগড় আৰক্ষীয়ে । এই বিয়াগোম কেলেংকাৰীৰ তদন্ত চলাই অহা ডিব্ৰুগড় আৰক্ষীয়ে বৃহস্পতিবাৰে তদন্ত প্ৰক্ৰিয়া সামৰাৰ কথা আছিল যদিও তদন্ত সম্পূৰ্ণ নোহোৱাত পুনৰ আঠ সপ্তাহৰ বাবে ন্যায়ালয়ত সময় বিচাৰে ডিব্ৰুগড় আৰক্ষীয়ে । ২০ জুনত এই সন্দৰ্ভত ন্যায়ালয়ে পুনৰ শুনানি গ্ৰহণ কৰিব বুলি ঘোষণা কৰে । ইতিমধ্যে ৭৪ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে আৰু চাৰিজন পলাতক অৱস্থাত আছে বুলি উল্লেখ কৰে লোকসেৱা আয়োগ কেলেংকাৰীৰ মূল তদন্তকাৰী বিষয়া সুৰজিৎ সিং পানেছৰে ৷

এ পি এছ চি কেলেংকাৰীৰ নৱমখন চাৰ্জশ্বীট দাখিল

ABOUT THE AUTHOR

...view details