অসম

assam

ETV Bharat / state

ই ভি এম ব্যৱস্থাৰ ওপৰত সন্দেহঃ উপমন্যু হাজৰিকা - উপমন্যু হাজৰিকা

নিৰ্বাচনৰ ফলাফলৰ পিছত প্ৰথমখন সংবাদমেল সম্বোধন উপমন্যু হাজৰিকাৰ ৷ সংবাদমেলত নৱ নিৰ্বাচিত সাংসদক অভিনন্দন হাজৰিকাৰ ৷

ই ভি এম ব্যৱস্থাৰ ওপৰত সন্দেহঃ উপমন্যু হাজৰিকাৰ

By

Published : May 26, 2019, 8:52 PM IST

গুৱাহাটী, 26 মে’: গুৱাহাটীত উপমন্যু হাজৰিকাৰ সংবাদমেল ৷ নিৰ্বাচনৰ ফলাফলৰ পিছত প্ৰথমখন সংবাদমেল উপমন্যু হাজৰিকাৰ ৷ সংবাদমেলত নৱ নিৰ্বাচিত সাংসদ সকলক অভিনন্দন জনোৱাৰ লগতে খিলঞ্জীয়াৰ সমস্যা সমূহ সদনত উত্থাপন কৰাৰ আহ্বান উপমন্যু হাজৰিকাৰ । নিৰ্বাচনত তৃতীয় স্থানত থমকিলেও কোনো আক্ষেপ নাই বুলি মন্তব্য কৰে উপমন্যু হাজৰিকাই । অৱশ্যে নিৰ্বাচনত তিনিটা সমষ্টিত কম সংখ্যক ভোট পোৱাক লৈ আশ্চৰ্য প্ৰকাশ নিৰ্দলয়ী প্ৰাৰ্থীগৰাকীৰ ।

ই ভি এম ব্যৱস্থাৰ ওপৰত সন্দেহঃ উপমন্যু হাজৰিকাৰ

যি ব্যাপক হাৰত নিৰ্বাচনী প্ৰচাৰ হৈছিল সেই অনুপাতে কেৱল 21 হাজাৰ ভোট পোৱাটো সম্পূৰ্ণ আশ্চৰ্যজনক বুলি উল্লেখ কৰি ই ভি এমৰ ওপৰত সন্দেহ প্ৰকাশ কৰে উপমন্যু হাজৰিকাই । পৃথিৱীৰ বহু দেশত যেনে ফ্ৰাঞ্চ, জাৰ্মানী আদিত নিষিদ্ধ কৰা হৈছে ই ভি এম মেচিন । ই ভি এম মেচিনক লৈ ইয়াৰ পূৰ্বেও বহুবাৰৰ অভিযোগ উত্থাপন হৈছে গতিকে বেলট পেপাৰ নিৰ্বাচন পদ্ধতিলৈ উভতি গ’লে কাৰো অসুবিধা হ’ব নালাগে বুলিও কয় হাজৰিকাই ৷

লগতে চাওকঃ তৃতীয় সন্তানক সকলো সা-সুবিধাৰ পৰা বঞ্চিত কৰা উচিতঃ বাবা ৰামদেৱ

ABOUT THE AUTHOR

...view details