কোকৰাঝাৰত আটক দুখন বাইকসহ দুই চোৰ - চোৰ
চিচিটিভি ফুটেজৰ জড়িয়তে আটক কৰিবলৈ সক্ষম হয় চোৰকেইটাক
![কোকৰাঝাৰত আটক দুখন বাইকসহ দুই চোৰ](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2649217-177-bee3bcd1-5b8d-4b88-8baa-4d17008d8836.jpg)
Iকোকৰাঝাৰ, 9 মাৰ্চঃ কোকৰাঝাৰত আটক দুই বাইক চোৰ ৷ চিচিটিভিৰ ফুটেজত আৱদ্ধ হোৱা ফটোৰ আধাৰতে শনিবাৰে কোকৰাঝাৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় চোৰ কেইটাক ৷ চলিত মাহতে দহখনৰো অধিক মটৰ চাইকেল চুৰি হোৱা পাচতে কোকৰাঝাৰ আৰক্ষীয়ে মটৰ চাইকেল চোৰৰ বিৰুদ্ধে চলাইছিল অভিযান ৷ কোকৰাঝাৰ চহৰৰ এইচ ডি এফ চি বেংকত লাগি থকা চিচিটিভি ফুটেজত আবদ্ধ হোৱা ফকিৰাগ্ৰামৰ চানলাটাৰিৰ চাহাজাহান আলি আৰু বিলাসীপাৰা হাতিপুটাৰ মিহিৰ জামান বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷ ইতিমধ্যে আৰক্ষীয়ে চোৰ দুজনৰ পৰা জব্দ কৰিবলৈ সক্ষম হৈছে দুখনকৈ মটৰ চাইকেল ৷
আনহাতে, কোকৰাঝাৰ আৰক্ষীয়ে চোৰ দুজনৰ বিৰুদ্ধে নিজাববীয়াকৈ 72/19 গোচৰ ৰুজু কৰি চোৰ দুজনক মাৰাথান জেৰা আৰম্ভ কৰে ৷