অসম

assam

ETV Bharat / state

মিছা কথাৰ মেচিন নৰেন্দ্ৰ মোডী ! - PRESS MEET

মঙলবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে ৷

মিছা কথাৰ মেচিন নৰেন্দ্ৰ মোডী !

By

Published : May 14, 2019, 6:54 PM IST

  • ৰাজীৱ ভৱনত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সংবাদমেল
  • সংবাদমেলত মোডী আৰু বিজেপিক তীব্ৰ কটাক্ষ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ
  • নিৰ্বাচন যিমানেই শেষ হৈ আহিছে,মোডী ডাঙৰীয়া সিমানেই হতাশ হৈছে
  • হতাশ হৈয়েই তেওঁ আবোল-তাবোল বকিবলৈ লৈছে
  • সিদিনা তেওঁ কলে তেওঁ হেনো ডিজিটেল কেমেৰাত ফটো তুলি আদৱানিক দিছিল
  • সেই সময়ত ভাৰতত ডিজিটেল কেমেৰাই নাছিল
  • বালাকোটৰ চাৰ্জিকেল ষ্ট্ৰাইকক লৈ কোৱা কথাইও মোডীৰ হতাশাকেই প্ৰতিপন্ন কৰিছে
  • মোডীয়ে পাহৰি গৈছে যে তেওঁ এতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী
    সংবাদমেলত তৰুণ গগৈ
  • পাঁচ বছৰ আগতে দিয়া এটাও আশ্বাস পূৰণ নকৰিলে
  • হয় মোডী মিছলীয়া, নহয় তেওঁ ডিমেনছিয়া ৰোগত ভুগিছে
  • মোডী এতিয়া মিছা কথা কোৱা মেচিন হৈ পৰিছে
  • দুটাকৈ কাগজৰ কল মাৰি পেলালে
  • নিৰ্বাচনত বিজেপিয়ে ক’লা ধন ব্যৱহাৰ কৰিছে
  • ৰাজীৱ গান্ধীক ভ্ৰষ্টাচাৰী কৈছে, কিন্তু মোডী আটাইতকৈ ভ্ৰষ্টাচাৰী
  • এন আৰ চি ৰ নামত ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু বাদেই,সত্ৰাধিকাৰৰ পৰিয়ালকো জাননী দিয়াত ক্ষুব্ধ তৰুণ গগৈ
  • সত্ৰাধিকাৰৰ পৰিয়ালক হাৰাশাস্তি দিয়া বিষয়াক শাস্তি প্ৰদানৰ দাবী প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ
  • প্ৰকৃত ভাৰতীয় নাগৰিকক প্ৰতীক হাজেলাই শাস্তি দিবলৈ ক’ত শক্তি পালে বুলি প্ৰশ্ন
  • প্ৰয়োজন হ’লে প্ৰতীক হাজেলাৰ ওপৰতো গোচৰ তৰিব তৰুণ গগৈয়ে

ABOUT THE AUTHOR

...view details