বৰপেটা 28 ফেব্ৰুৱাৰীঃ কলগাছিয়াৰ যুৱতীক গুৱাহাটীৰ ভাড়াঘৰত হত্যা । হাতিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত সিজুবাৰীত উদ্ধাৰ যুৱতীৰ মৃতদেহ । স্বামীয়ে হত্যা কৰি চিপ লগাই আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ যুৱতী গৰাকীৰ পৰিয়ালৰ ।
গুৱাহাটীত উদ্ধাৰ কলগাছিয়াৰ যুৱতীৰ মৃতদেহ - barpeta
স্বামীয়ে হত্যা কৰাৰ অভিযোগ যুৱতী গৰাকীৰ পৰিয়ালৰ

উল্লেখ্য যে,কলগাছিয়াৰ শৰিয়তপুৰ গাঁওৰ জয়নাল আলীৰ কন্যা আজমিনা খাতুনক কিছুদিন পূৰ্বে একেখন গাঁওৰে জয়নাল খানে চাকৰিৰ প্ৰলোভন দি ঘৰৰ পৰা ফুচুলাই লৈ যায় । পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে কলগাছিয়া আৰক্ষী থানাত জয়নাল খানৰ বিৰুদ্ধে গোচৰ দিয়াত ছোৱালীজনীক উভতাই দিয়ে যদিও পাচত আকৌ পলুৱাই নি বিয়া পাতে । তাৰ পাচতে গুৱাহাটীৰ সিজুৱাৰীত ভাড়া ঘৰত ৰাখিছিল আজমিনা খাতুনক । কিন্তু মঙলবাৰে সন্ধিয়া আজমিনা খাতুনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাচত জয়নাল খান আৰু তেওঁৰ সহযোগী কেইজনমান বন্ধুৱে ভাড়া ঘৰতে নৃশংসভাবে হত্যা কৰি চিপ লগাই আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছে বুলি যুৱতী গৰাকীৰ ভাতৃয়ে অভিযোগ কৰে । আনহাতে, আজমিনা খাতুনৰ শৰীৰত অজস্ৰ আঘাতৰ চিন স্পষ্ট থকা বুলি অভিযোগ কৰাৰ লগতে জয়নাল খানৰ লগতে তেওঁৰ সহযোগী সকলক গ্ৰেপ্তাৰ দাবী জনাই আজমিনাৰ ভাতৃয়ে ।