গোলাঘাট, 13 মাৰ্চঃ গোলাঘাটৰ ধনশিৰী নদীত জপিয়াই আত্মহত্যা এগৰাকী যুৱতীৰ । গোলাঘাটৰ চুইছাইদ জ'ন নামেৰে পৰিচিত হৈ পৰা নগাবালি দলঙৰ পৰা ধনশিৰি নদীত জপিয়াই আত্মহত্যা গোলাঘাট মইনাপাৰাৰ যুৱতী জেচমিন চুলতানৰ । মঙলবাৰে সন্ধিয়াৰ পৰা সন্ধানহীন হৈ থকা জেচমিনে জিলাখনৰে ফলঙনী আলুবাৰীৰ কাচিম আলি নামৰ যুৱকজনৰ সৈতে একেলগে বাস কৰিছিল যুৱতী গৰাকী ৷ প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, বুধবাৰে বিয়লি প্ৰায় তিনি বজাত দুয়ো অৰ্থাৎ জেচমিন আৰু কাচিনে ধনশিৰী নদীৰ দলঙৰ ওপৰত উপস্থিত হয় ৷ তাৰ পাচতে দুয়োৰে কথা-বাৰ্তাৰ পাচত যুৱতী গৰাকীয়ে জাপ দিছিল ধনশিৰী নদীত৷ যুৱতী গৰাকী নদীত জাপ দিয়া প্ৰত্যক্ষ কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে কাচিন আলি ৷
গোলাঘাটৰ ধনশিৰি নদীত জপিয়াই আত্মহত্যা যুৱতীৰ
গোলাঘাটৰ চুইছাইদ জ'ন নামেৰে পৰিচিত হৈ পৰা নগাবালি দলঙৰ পৰা ধনশিৰি নদীত জপিয়াই আত্মহত্যা গোলাঘাট মইনাপাৰাৰ যুৱতী জেচমিন চুলতানৰ
আনহাতে, স্থানীয় ৰাইজে যুৱতী গৰাকীক জাপ দিয়া প্ৰত্যক্ষ কৰি উদ্ধাৰৰ কৰে যদিও ঘটনাৰ কিছু সময় পাচত গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত মৃত্যুক সাৱটে জেচমিনে ৷ যুৱতী গৰাকীৰ পৰিয়ালৰ অভিযোগ কাচিমে নদীলৈ গতিয়াই দিছিল জেচমিনক ।
উল্লেখযোগ্য যে, গোলাঘাটৰ নগাবালি দলঙখন চুইছাদ জ'ন ৰূপে পৰিচিত হৈ পৰিছে বুলি মন্তব্য কৰে স্থানীয় ৰাইজে ৷ দলঙখনৰ পৰা প্ৰত্যক মাহতে দুই তিনি জনলোকে নদীত জপিয়াই ইতিমধ্যে আত্মহত্যা কৰিছে । যাৰবাবে স্থানীয় ৰাইজে দলঙৰ দুই পাৰে পহৰা দিবলৈ দাবী জনাইছে নতুবা দলঙৰ দুই কাষত লোৰ বেৰৰ ব্যৱস্থা কৰিবলৈ গোলাঘাট প্ৰশাসনক দাবী জনায় ৷