সংসদত ডঃ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি! - ৰাজ্যসভাৰ অধ্যক্ষ ভেংকায়া নাইডু
দিল্লীত সংসদ ভৱনৰ বাহিৰত থাকিব ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি ৷ অগপৰ ৰাজ্যসভা সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ অনুৰোধ অধ্যক্ষ ভেংকায়া নাইডুলৈ ৷
![সংসদত ডঃ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি!](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3748406-thumbnail-3x2-0.jpg)
সংসদত ডঃ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি!
নিউজ ডেস্ক, 4 জুলাইঃ এতিয়াৰে পৰা হয়টো দিল্লীৰ সংসদ ভৱনৰ বাহিৰত দেখিবলৈ পাব ভাৰতৰত্ন তথা অসম গৌৰৱ ডঃ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি ৷ অসমৰ ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই ৰাজ্যসভাত উত্থাপন কৰা এক আবেদনৰ পিচতে ৰাজ্যসভাৰ বাহিৰত ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি স্থাপনৰ বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰিছে ৰাজ্যসভাৰ অধ্যক্ষ ভেংকায়া নাইডুৱে ৷ সংসদীয় কমিটিয়ে বৈশ্যই উত্থাপন কৰা আবেদনৰ বিষয়টো গুৰুত্বসহকাৰে আলোচনা কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৷