অসম

assam

ETV Bharat / state

বিজেপি চৰকাৰে লাখ-লাখ বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ পৰিকল্পনা কৰিছেঃ হীৰেন গোহাঁই

মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চৰ সংবাদমেলত ডঃ হীৰেন গোহাঁইৰ লগতে উপস্থিত থাকে প্ৰাক্তন আৰক্ষী সঞ্চালক তথা সাহিত্যিক হৰেকৃষ্ণ ডেকা আৰু জ্যেষ্ঠ সাংবাদিক মনজিৎ মহন্ত

গুৱাহাটী প্ৰেছ ক্লাবত নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চৰ সংবাদমেল

By

Published : May 28, 2019, 4:45 PM IST

গুৱাহাটী, 28 মে': গুৱাহাটী প্ৰেছ ক্লাবত নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চৰ সংবাদমেল ৷ সংবাদমেল সম্বোধন কৰে বিশিষ্ট বুদ্ধিজীৱি ডঃ হীৰেন গোহাঁইয়ে ৷ কোটি কোটি টকা ব্যয়েৰে কৰা প্ৰচাৰৰ ফলতেই বিগত লোকসভা নিৰ্বাচনত বিজেপিয়ে জয়লাভ কৰা বুলি উল্লেখ কৰে হীৰেন গোহাঁইয়ে ৷ লগতে সংবাদমেলৰ জৰিয়তেই ৰাইজক কেব বিৰোধী স্থিতিত অটল থাকি শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈও আহ্বান জনাই বিশিষ্ট শিক্ষাবিদগৰাকীয়ে ৷

গুৱাহাটী প্ৰেছ ক্লাবত নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চৰ সংবাদমেল

সংবাদমেলত ডঃ হীৰেন গোহাঁইৰ লগতে প্ৰাক্তন আৰক্ষী সঞ্চালক তথা সাহিত্যিক হৰেকৃষ্ণ ডেকা, জ্যেষ্ঠ সাংবাদিক মনজিৎ মহন্তও উপস্থিত থাকে ৷ বিজেপি চৰকাৰে লাখ লাখ বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰাৰ পৰিকল্পনা কৰিছে বুলিও সংবাদমেলত উল্লেখ কৰে ৷ ইয়াৰ উপৰিও বিজেপি চৰকাৰে ৫% কৰ বৃহৎ ক’ৰ্পৰেট গোষ্ঠীক ৰেহাই দিছে বুলিও অভিযোগ তোলে নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চৰ সদস্যসকলে ৷

ABOUT THE AUTHOR

...view details