আমিনগাঁও, ২০ জুন: অম্বুবাচী মেলালৈ মাজত মাত্ৰ কেইটামান মূহুৰ্ত বাকী । অম্বুবাচীৰ বাবে নিলাচল পাহাৰত সমাগম ঘটিছে দেশৰ বিভিন্ন প্ৰান্তৰ শ শ ভক্ত । এনে সময়তে লোকসকলক দৃষ্টি আকৰ্ষণ কৰিছে আন এখন কামাখ্যা ধামে ।
নীলাচলত নহয় আমিনগাঁৱৰ শৰাইঘাট সৰোবৰত মা কামাখ্যা ধাম - শিল্পী অৰূপজ্যোতি বৰকটকী
শিল্পীৰ হাতত আমিনগাঁৱৰ শৰাইঘাট সৰোবৰত প্ৰাণ পাই উঠিছে দ্বিতীয় কামাখ্যা ধাম । নদীৰ মাজত হুবহু ৰূপত শিল্পী অৰূপজ্যোতি বৰকটকী আৰু তেওঁৰ সহযোগিয়ে সাজি উলিয়াইছে এই কামাখ্যা ধামখনি ।
মা কামাখ্যা ধামৰ আৰ্হিত পানীৰ মাজত শিল্পীসকলে সাজি উলিয়াইছে আন এখন কামাখ্যা ধাম । শিল্পী অৰূপজ্যোতি বৰকটকী আৰু তেওঁৰ সহযোগিয়ে কাঠ, বাঁহ আৰু থাৰ্মক'লেৰে সাজি উলিয়াইছে কামাখ্যা ধামৰ আৰ্হিৰে মন্দিৰভাগ । মন্দিৰটোৰ উচ্চতা ১৫ ফুট আৰু দীঘলে ৪০ ফুট । অহা ২২ জুনত দৰ্শকৰ বাবে মন্দিৰটো মুকলি কৰা হ'ব । চাৰিওফালে পানীৰে আবৃত্ত কামাখ্যাৰ আৰ্হিৰে নিৰ্মিত মন্দিৰটো চালে চকুৰোৱাকৈ নিৰ্মাণ কৰিছে দক্ষ শিল্পীসকলে । ইয়াৰোপৰিও, সুন্দৰৰূপত সজাই তোলা উপঙা মন্দিৰটো অম্বুবাচী মেলালৈ অহা পৰ্যটক সকলকো বিশেষভাৱে আকৰ্ষিত কৰিব বুলি আশা ব্যক্ত কৰে শিল্পী অৰূপজ্যোতি বৰকটকীয়ে ।