গুৱাহাটী, ১৫ ফেব্ৰুৱাৰীঃ শিক্ষা,গণতন্ত্ৰ আৰু দেশ ৰক্ষাৰ অৰ্থে ভাৰতৰ ছাত্ৰ ফেডাৰেচনে18 ফেব্ৰুৱাৰীত দিল্লীলৈ যাওঁ বলক কাৰ্যসূচী হাতত লৈছে । শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰে সংগঠনটোৰ ৰাজ্যিক বিষয়ববীয়াই । লগতে অসমৰ বিশ্ববিদ্যালয় আৰু অভিযান্ত্ৰিক প্ৰতিষ্ঠানসমূহে সন্মুখীন হৈ অহা বিভিন্ন সমস্যাৰ প্ৰতিছবিও দাঙি ধৰে সংগঠনটোৱে।