গুৱাহাটী, 28 এপ্ৰিল: গুৱাহাটী মহানগৰীত পানী যোগান ধৰাত ব্যৰ্থ হৈ পৰিছে ৰাজ্য চৰকাৰ । গুৱাহাটী মহানগৰীত বসবাস কৰা লোকৰ অনুপাতে পানী যোগানত বিফল চৰকাৰ । গুৱাহাটী মহানগৰীত প্ৰতিদিনে লাখ লাখ লিটাৰ পানী আৱশ্যক হয়, কিন্তু পানী যোগান ধৰাত ব্যৰ্থ চৰকাৰ । মহানগৰবাসীয়ে প্ৰতিদিনে লাখ লাখ লিটাৰ পানী ক্ৰয় কৰিবলগীয়া হৈছে ।
মহানগৰীত পানীৰ সমস্যা সমাধান হ’বনে ? - water
মহানগৰীত পানীৰ নাটনি কোনো নতুন কথা নহয় ৷ গ্ৰীষ্ম কাল অহাৰ লগে লগে অধিক পানীৰ প্ৰয়োজন হ’ব যদিও চৰকাৰৰ উপযুক্ত আঁচনি তথা পানী যোগানৰ অভাৱত দৈনিক লাখ লাখ লিটাৰ পানী ক্ৰয় কৰিবলগা হয় মহানগৰবাসীয়ে ৷
গুৱাহাটী মহানগৰীত প্ৰতিদিনে লাখ লাখ লিটাৰ পানীৰ নাটনি
লগতে পঢ়ক: নতুন অসমীয়া বোলছবি উল্কাৰ সংগীত মুকলি
গ্ৰীষ্মকাল অহা লগে লগে পানীৰ প্ৰয়োজন অধিক হ’ব, কিন্তু গুৱাহাটী মহানগৰীত পানীৰ নাটনি । অসম চৰকাৰে পাৰিবনে গুৱাহাটী মহানগৰীৰ পানীৰ নাটনিৰ সমস্যা সমাধান কৰিবলৈ, এইয়া এতিয়া ডাঙৰ প্ৰশ্ন হৈ পৰিছে ।