অসম

assam

ETV Bharat / state

প্ৰসংগ নদীবান্ধঃ কেন্দ্ৰীয় চৰকাৰক সময়সীমা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ - Student Protest

গোপনে চলি থকা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম শীঘ্ৰে বন্ধ কৰিবলৈ চৰকাৰক সময়সীমা বান্ধি দিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ আহ্বানত সোমবাৰে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷

ৰাজ্যযুৰি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী

By

Published : Jun 10, 2019, 7:22 PM IST

নিউজ ডেস্ক, 10 জুনঃ সেউজ ন্যায়াধিকৰণত চলি থকা গোচৰক প্ৰত্যাহ্বান জনায় চৰকাৰে পুনৰ আৰম্ভ কৰিছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণৰ কাম ৷ এইবাৰ সাধাৰণ জনতাৰ চকুত ধূলি মাৰি এনএইচপিচিয়ে গোপনে আৰম্ভ কৰিছে প্ৰকল্পটোৰ নিৰ্মাণৰ কাম ৷

অধিক পঢ়কঃ 37 ডিগ্ৰী স্পৰ্শ গুৱাহাটীৰ পাৰাস্তম্ভঃ ৰাজ্যিক চিৰিয়াখানাৰ বিশেষ ব্যৱস্থা

অসমৰ লাখ লাখ জনতাৰ ভৱিষ্যত পণবন্দী কৰি চৰকাৰে আৰম্ভ কৰা এই কাৰ্য্যৰ প্ৰতিবাদত অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচীৰে চৰকাৰক একপ্ৰকাৰ সকীয়নি প্ৰদান কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ সেউজ ন্যায়াধিকৰণে "ৱাটাৰ বোম্ব" আখ্যা দিয়া প্ৰকল্পটোৰ পৰা অসমৰ ৰাইজৰ ভৱিষ্যত পোহৰৰ পৰিৱৰ্তে ভয়াৱহ অন্ধকাৰলৈ গতি কৰিব ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰতিবাদ সাব্যস্ত কৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷

প্ৰসংগ নদীবান্ধঃ কেন্দ্ৰীয় চৰকাৰক সময়সীমা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ

শিৱসাগৰ, নগাঁও, ধেমাজি, ৰঙিয়া, নলবাৰী, গোলাঘাটত সংগঠনটোৱে পালন কৰে প্ৰতিবাদী কাৰ্যসূচী ৷ প্ৰতিবাদস্থলীৰ পৰাই অসমৰ মুখ্যমন্ত্ৰী তথা প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰি প্ৰকল্পৰ কাম বন্ধ কৰিবলৈ দাবী জনাইছে ছাত্ৰ সংগঠনটোৱে ৷

ABOUT THE AUTHOR

...view details