ওদালগুৰিৰ লগত কি সম্পৰ্ক বাবা ৰামদেৱৰ!! - ৰামদেৱ
ওদাগুৰিত চাইকেল চলায় দিন পাৰ কৰিছিল যোগগুৰু ৰামদেৱে
ওদালগুৰি,28ফেব্ৰুৱাৰীঃ অসমৰ এটা অঞ্চলৰ পৰাই কৰ্মজীৱনৰ পাতনি মেলিছিল যোগগুৰু বাবা ৰামদেৱে । গাঁৱখনত চাইকেল চলায় ঘূৰি ফুৰা ৰামদেৱ এতিয়া ভ্ৰমণ যাত্ৰাত ব্যৱহাৰ কৰে হেলিকপ্টাৰ । বৃহস্পতিবাৰে ওদালগুৰিৰৰ ভৈৰৱকুণ্ডত 28 বৰ্ষৰ পুৰণি কথা মনত পেলাই নষ্টালজিক হৈ পৰিল যোগগুৰুজন । 1990-91 চনত ওদালগুৰিৰ ভৈৰৱকুণ্ডত বৃদ্ধি পাইছিল মেলেৰিয়াৰ উপদ্ৰৱ । তেতিয়াই স্বামী বীৰ নাথৰ লগত তেতিয়াৰ আচাৰ্য ৰামদেৱ আৰু বাল কৃষ্ণই দিল্লীৰ যোগ শিবিৰ এটা কৰি লাভ কৰা ধনেৰে দৰৱ কিনি বিতৰণৰ বাবে আহিছিল ভৈৰৱকুণ্ডলৈ । সেইয়া আছিল ৰামদেৱৰ প্ৰথমটো উত্তৰ-পূৱ ভ্ৰমণ । তেতিয়াতে কেইবামাহ ধৰি ওদালগুৰিৰ বিভিন্ন অঞ্চলত বাস কৰিছিল যোগগুৰুজন । যাৰ বাবে সুদীৰ্ঘ 28 বছৰ পাচত ভৈৰৱকুণ্ডত উপস্থিত হৈ নষ্টালজিক হোৱাৰ উপৰিও ওদালগুৰিৰ ভৈৰৱকুণ্ডত পোৱা প্ৰথম মৰমৰ বাবে ধন্যবাদ জনাই অঞ্চলবাসীক ।