অসম

assam

ETV Bharat / state

ৰে'ল ষ্টেচনৰ অবৈধ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান ৰে'ল আৰক্ষী

উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ নিৰ্দেশত এমাহ জোৰা ষ্টেচনৰ অবৈধ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান ৷ অভিয়ানত ১০২জন লোকক আটক সহ জব্দ ১৬,৯৬৫ মূল্য টকাৰ ১০০৫ টা কৈ অনুমোদনহীন ব্ৰেণ্ডৰ পানী বটল ৷

By

Published : Jul 17, 2019, 3:14 AM IST

ৰে'ল ষ্টেচনৰ অবৈধ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান ৰে'ল আৰক্ষী

গুৱাহাটী, 17 জুলাইঃ একাংশ অবৈধ ব্যৱসায়ীৰে ভৰি পৰিছে গুৱাহাটী ৰে'লৱে ষ্টেচন তথা প্লেটফৰ্ম । একাংশ অসাধু ব্যৱসায়ীয়ে সামগ্ৰী বিক্ৰীৰ নামত যাত্ৰীক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈ থকাৰ মাজতেই এইবাৰ অবৈধ ব্যৱসায়ীৰ বিৰুদ্ধে তৎপৰ হৈছে ৰে'ল বিভাগ তথা ৰে'ল আৰক্ষী ।

ৰে'ল ষ্টেচনৰ অবৈধ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান ৰে'ল আৰক্ষী

উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ নিৰ্দেশত এমাহ জোৰা এক অভিযান আৰম্ভ কৰিছে ৰে'ল আৰক্ষীয়ে । বিভিন্ন সময়ত দেখা যায় ৰে'ল ষ্টেচনত ৰে'লত অনুমোদিত 'ৰেইল নীৰ' পানীৰ বিপৰীতে একাংশই বিক্ৰী কৰি আহিছে অনুমোদনহীন পানী বটল । এনে অবৈধ ব্যৱসায়ীৰ বিৰুদ্ধে যোৱা কিছুদিন ধৰি উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ অধীনস্থ ষ্টেচনত ৰে'ল সুৰক্ষা বাহিনীয়ে চলাই এক অভিযান । ঘটনা সন্দৰ্ভত বিভিন্ন ষ্টেচনৰ পৰা মুঠ ১০২ জন লোকক আটক কৰাৰ লগতে ১৬,৯৬৫ মূল্যৰ ১০০৫ টা অনুমোদনহীন ব্ৰেণ্ডৰ পানীৰ বটল জব্দ কৰে ৰে'ল আৰক্ষীয়ে । এই ঘটনাৰ লগত জড়িত লোক সকলৰ পৰা ৩৭,৬০০ টকা জৰিমনা আদায় কৰে ৰে'ল আৰক্ষীয়ে । উল্লেখ্য যে যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি সকলোধৰণৰ অবৈধ ব্যৱসায়ীৰ বিৰুদ্ধে নিয়মীয়াকৈ অভিযান চলাই যাব ৰে'ল আৰক্ষীয়ে ।

ABOUT THE AUTHOR

...view details