অসম

assam

ETV Bharat / state

বনাঞ্চল ধ্বংসক লৈ চৰকাৰক আক্ৰমণ প্ৰকৃতিপ্ৰেমী সংগঠনৰ - গুৱাহাটী

ৰাজ্যৰ বনাঞ্চল ধ্বংসক লৈ চৰকাৰক আক্ৰমণ কেইবাটাও প্ৰকৃতিপ্ৰেমী সংগঠনৰ ৷ বনাঞ্চল ৰক্ষা কৰিব নোৱাৰা চৰকাৰে বন মহোৎসৱ আয়োজন কৰাৰ কোনো যুক্তি নাই বুলিও মন্তব্য প্ৰকৃতি প্ৰেমীৰ

বনাঞ্চল ধ্বংসক লৈ চৰকাৰক আক্ৰমণ প্ৰকৃতিপ্ৰেমী সংগঠনৰ

By

Published : Jul 1, 2019, 9:14 PM IST

গুৱাহাটী, 1 জুলাইঃ ১৯৫০ চনৰে পৰা জনসাধাৰণক বৃক্ষৰোপণৰ প্ৰতি আকৃষ্ট কৰাৰ উদ্দেশ্যে জুলাই মাহৰ প্ৰথম সপ্তাহটো বন মহোৎসৱ হিচাপে পালন কৰা হয় । সমগ্ৰ দেশৰ লগতে অসমতো প্ৰতি বছৰে জুলাই মাহত বন মহোৎসৱ পালন কৰি বিভিন্ন স্থানত বৃক্ষৰোপণ কৰা হয় । ৰাজ্যত এফালে বৃক্ষৰোপণৰ নামৰ লাখ লাখ টকা ব্যয় কৰাৰ বিপৰীতে চৰকাৰৰ পৃষ্ঠপোষকতাত বনাঞ্চল ধ্বংস কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাজ্যৰ কেইবাটাও প্ৰকৃতিপ্ৰেমী সংগঠনে । সংগঠন কেইটাৰ অভিযোগ ৰাজ্যৰ বনাঞ্চল আৰু বন্যপ্ৰাণী ৰক্ষাত সম্পূৰ্ণ বিফল হৈছে চৰকাৰ । বনাঞ্চল আৰু বন্যপ্ৰাণী ৰক্ষাত ব্যৰ্থ চৰকাৰে ঢাক-ঢোল বজাই বন মহোৎসৱ পালন কৰাৰ কোনো যুক্তি নাই বুলি কোৱাৰ লগতে চৰকাৰে গছপুলি ৰোপণৰ নামত বেচৰকাৰী সংস্থান সমূহক ঠিকা প্ৰদান কৰি বনাঞ্চলৰ ভাৰসাম্য নষ্ট কৰিছে বুলিও এক সংবাদমেলৰ জৰিয়তে অভিযোগ উত্থাপন কৰে প্ৰকৃতিপ্ৰেমী সংগঠন কেইটাই।

বনাঞ্চল ধ্বংসক লৈ চৰকাৰক আক্ৰমণ প্ৰকৃতিপ্ৰেমী সংগঠনৰ

তাৰোপৰি সংগঠন কেইটাই ৰাজ্যৰ বাহিৰলৈ অসমৰ পৰা প্ৰেৰণ কৰা হাতীকেইটাৰ বৰ্তমান স্থিতি স্পষ্ট কৰাৰ লগতে হাতীকেইটা বৈধ ভাবে নিয়া হৈছে নে নাই ইয়াৰ তদন্তৰো দাবী জনায় । কেৱল সেয়াই নহয়, দ্বীপৰ বিলৰ মাজেৰে দ্বৈত ৰে'ল পথ নিৰ্মাণৰ নামত যাতে দ্বীপৰ বিলৰ অস্তিত্ব সংকটত নেপেলাই ইয়াৰ বাবেও চৰকাৰক অনুৰোধ জনায় ।

আৰু পঢ়কঃ নীতি আয়োগৰ তালিকাত অসমৰ স্থান 27

ABOUT THE AUTHOR

...view details