যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী - নৰেন্দ্ৰ মোডী
নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত কৃষক মুক্তিৰ প্ৰতিবাদ

jorhat protest
যোৰহাট, ৯ ফেব্ৰুৱাৰীঃ যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত শনিবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু টাই আহোম ছাত্ৰ সন্থাৰ সদস্যসকলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ তীব্ৰ বিৰোধিতা কৰিয়েই প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন দুটাই। দুয়োটা সংগঠনৰে সদস্যসকলে ক'লা পতাকা উৰোৱাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়াণ কৰে । নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নকৰিলে ৰাজ্য চৰকাৰক শান্তিত থাকিব নিদিয়ে বুলিও মন্তব্য কৰে সদস্যসকলে ।
jorhart