গুৱাহাটী, 10 জুন : পুনৰ মূল্যবৃদ্ধিৰ গ্ৰাসত পৰিছে ৰাজ্যৰ জনসাধাৰণ ৷ মাত্ৰ কেইটামান দিনৰ ব্যৱধানতে দুগুণ পৰ্যন্ত দাম বৃদ্ধি পাইছে আলু, পিয়াঁজ, আদাকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ ৷ প্ৰতি কেজিত 14 টকাত বিক্ৰী হৈ থকা আলুৰ দাম 20 টকা হোৱাৰ পৰিৱৰ্তে 20 টকীয়া পিয়াঁজ 25 টকা হ'লগৈ ৷
মূল্যবৃদ্ধি : জনতাক মাধমাৰ শোধাই দুগুণলৈ বৃদ্ধি দাম
পুনৰ মূল্যবৃদ্ধিৰ গ্ৰাসত ৰাজ্যৰ জনসাধাৰণ ৷ মাত্ৰ কেইটামান দিনৰ ব্যৱধানতে দুগুণ পৰ্যন্ত দাম বৃদ্ধি পাইছে আলু, পিয়াঁজ, আদাকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ ৷
পুনৰ মূল্যবৃদ্ধিৰ গ্ৰাসত জনসাধাৰণ
সমান্তৰালভাৱে, আদাৰ দামো হঠাতে বাঢ়ি হ'লগৈ প্ৰতি কিলোগ্ৰামত 140 টকা । চৰকাৰৰ যোগান বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই এচাম অসাধু ব্যৱসায়ীয়ে ইচ্ছা অনুসৰি বৃদ্ধি কৰিছে সামগ্ৰীৰ দাম আৰু ইয়াৰ ফলত মাধমাৰ পৰিছে সাধাৰণ গ্ৰাহকৰ মূৰত ৷