গুৱাহাটী, ২৮ মে': মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত মৃত্যুঞ্জয় সেৱা প্ৰদানকাৰী সংস্থা তথা ১০৮ সেৱাৰ বিষয়ববীয়া সকলে এক সংবাদমেলৰ আয়োজন কৰে । সংবাদমেলত বিষয়ববীয়া সকলে মন্তব্য কৰে যে, তেওঁলোকে বৰ্তমানলৈকে কেইবা লক্ষাধিক ৰোগীক সেৱা আগবঢ়াইছে । লগতে তেওঁলোকে অৱগত কৰে যে, 108 আৰু 102 সেৱা লগলগাই এতিয়াৰে পৰা এটা নম্বৰতে উপলব্ধ হ'ব ।
মৃত্যুঞ্জয় সেৱা প্ৰদানকাৰী সংস্থাৰ সংবাদমেল আয়োজন - ১০৮ সেৱা প্ৰদানকাৰী সংস্থা
মৃত্যুঞ্জয় সেৱা প্ৰদানকাৰী সংস্থা তথা ১০৮ সেৱাৰ বিষয়ববীয়া সকলে মঙলবাৰে এক সংবাদমেলৰ আয়োজন কৰে । এই সংবাদমেলতে সংস্থাটোৱে গ্ৰহণ কৰা ভৱিষ্যৎ পৰিকল্পনা সম্পৰ্কে আলোচনা কৰে ।
মৃত্যুঞ্জয় সেৱা প্ৰদানকাৰী সংস্থাৰ সংবাদমেল আয়োজন
এই সংবাদমেলতে তেওঁলোকে বিগত এটা বছৰত কিমান ৰোগীক সেৱা আগবঢ়ালে তাৰ ওপৰত এক সমীক্ষা আগবঢ়োৱাৰ লগতে 108 সেৱাৰ বিষয়ে জনসাধাৰণ আৰু আশা কৰ্মীৰ লগত বিভিন্ন বাৰ্তালাপ কৰে ।