সংবাদমেলৰ যোগেদি ডিটেনচন কেম্পৰ বিৰোধিতা খিলঞ্জীয়াৰ - etv bharat
এন আৰ চি, ডি ভোটাৰ আৰু ডিটেনচন কেম্পৰ সন্দৰ্ভত গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেলৰ আয়োজন একাংশ মূল সূঁতিৰ অসমীয়াৰ ৷ তেওঁলোকৰ দাবী ডিটেনচন কেম্পত থকা লোকসকলক অবিলম্বে মুক্তি দিয়াৰ লগতে বন্ধ কৰিব লাগে ডিটেনচন কেম্পৰ দৰে অমানবীয় ব্যৱস্থা
গুৱাহাটী, 17 জুলাই : নাগৰিকত্ব বিষয়টোৱে অসমত এচাম মানুহৰ মাজত আতংকৰ সৃষ্টি কৰিছে । যি আতংকত একাংশই আত্মহননৰ দৰে পথ বাচি লবলগীয়া হৈছে । বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এন আৰ চি, ডি ভোটাৰ আৰু ডিটেনচন কেম্পৰ সন্দৰ্ভত এক সংবাদমেলৰ আয়োজন কৰে একাংশ খিলঞ্জীয়া সচেতন নাগৰিকে । বিদেশী ন্যায়ধীকৰণৰ জৰিয়তে অসমৰ বহু লোক ডিটেনচন কেম্পত বন্দী হৈ থকাৰ উপৰি নিতৌ প্ৰেৰণ কৰি আছে বহুতো লোকক ৷ তেওঁলোকৰ দাবী ডিটেনচন কেম্পত থকা লোকসকলক অবিলম্বে মুক্তি দিয়াৰ লগতে বন্ধ কৰিব লাগে ডিটেনচন কেম্পৰ দৰে অমানবীয় ব্যৱস্থা । সংবাদমেলত উত্থাপণ কৰে দাবী সম্বলিত স্মাৰক পত্ৰ ৷ সংবাদমেলত উপস্থিত থাকে নিৰুপমা বৰগোহাঞি, অৰূপা পটংগীয়াকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি ৷