অসম

assam

By

Published : Apr 14, 2019, 6:03 PM IST

ETV Bharat / state

ৰাজনীতি পাহৰি একেলগে কঁকাল ভাঙি বিহু নাচিলে ববিতা আৰু কুইনে

দেওবাৰে ৰাজনীতি পাহৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ লগত একেলগে কঁকাল ভাঙি বিহু নাচিলে গুৱাহাটী লোকসভা সমষ্টিৰ দুই প্ৰতিদ্বন্দী কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মা আৰু বিজেপি প্ৰাৰ্থী কুইন ওঝাই । লতাশিলৰ বিহুত বিহু অনুষ্ঠানৰ মঞ্চ মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়াই অহা দহ গৰাকীকৈ ব্যক্তিক শ্ৰীময় বঁটা প্ৰদান কৰে ।

লতাশিলৰ বিহু

গুৱাহাটী,14এপ্ৰিল: লোকসভা নিৰ্বাচনক লৈ ৰাজনৈতিক দল সমূহৰ ব্যস্ততাৰ সমান্তৰালকৈ দেওবাৰে বিহু উপলক্ষে লতাশিলৰ বিহুত গুৱাহাটী লোকসভা সমষ্টিৰ দুটাকৈ প্ৰধান ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে ইজনে সিজনক আক্ৰমণ কৰাৰ বিপৰীতে একেলগে উদযাপন কৰিলে বিহু । গুৱাহাটীৰ সবাতোকৈ পুৰণি বিহু সমিতি লতাশিলৰ বিহু অনুষ্ঠানত ৰাজনীতি পাহৰি গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ববিতা শৰ্মা আৰু বিজেপিৰ প্ৰাৰ্থী কুইন ওঝাই একেলগে কঁকাল ভাঙি নাচিলে বিহু । ঢোলৰ তালে তালে ববিতা আৰু কুইনৰ লগত বিহু নৃত্য কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়েও । বিহু নাচনীৰ দলৰ মাজত তৰুণ গগৈৰ লগতে বিহু নৃত্যত ব্যস্ত হৈ পৰিল গুৱাহাটী লোকসভা সমষ্টিৰ দুয়োগৰাকী প্ৰাৰ্থী । উল্লেখ্য যে লতাশিলৰ বিহুত প্ৰতিবছৰে অংশগ্ৰহণ কৰি নিজকে ডেকা অনুভৱ কৰা প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে এইবেলিও বিহু অনুষ্ঠানত অংশগ্ৰহণ কৰি পুৰণি বন্ধুক লতাশিলৰ বিহু মঞ্চত ল'গ পাই উৎফুল্লিত হৈ পৰে বুলি মন্তব্য প্ৰকাশ কৰে ৷

লতাশিলৰ বিহু

ইপিনে লতাশিলৰ বিহু অনুষ্ঠানৰ মঞ্চ মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়াই অহা দহ গৰাকীকৈ ব্যক্তিক শ্ৰীময় বঁটা প্ৰদান কৰে । মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে বিহুৱে যিদৰে অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীক একত্ৰিত কৰি অসমীয়া জাতিক গঢ়ি তুলিছে ঠিক তেনেদৰে অসমীয়াই একত্ৰিত হৈ, শান্তি-সমৃদ্ধিৰে ৰাজ্যখনক আগুৱাই লৈ যাব লাগিব ।

ABOUT THE AUTHOR

...view details