অসম

assam

By

Published : May 16, 2019, 7:08 PM IST

ETV Bharat / state

ৰিন চাবোনে কৰিলে ঋণী, কিন্তু কেনেকৈ...

অনলাইন কোম্পানীৰ নামত দুষ্কৃতিৰ ভয়ংকৰ জাল ৷ আপুনি ক্ৰয় কৰা সামগ্ৰীৰ পৰিৱৰ্তে আপোনালৈ আহিব পাৰে অন্য সামগ্ৰী ৷ গতিকে সাৱধান হঁওক ৷

সাৱধান হওক, অললাইনত ৰামঠগন

গুৱাহাটী, 16 মে’:অনলাইনত সামগ্ৰী ক্ৰয় কৰোতে সাৱধান হঁওক । ন’হলে পৰিব পাৰে বিপদত ৷ বৰ্তমান অনলাইন কোম্পানীৰ নামত দুষ্কৃতিয়ে মেলিছে ভয়ংকৰ জাল । আপুনি ক্ৰয় কৰা সামগ্ৰীৰ পৰিৱৰ্তে আপোনালৈ আহিব পাৰে অন্য সামগ্ৰী । এনে এক ঘটনা সংঘটিত হ'ল মহানগৰীৰ মালিগাঁও বৰিপাৰাত । অনলাইনৰ নামত গ্ৰাহকক ৰামঠগন ।

সাৱধান হওক, অললাইনত ৰামঠগন

বিদুৎ কলিতা নামৰ এগৰাকী যুৱকে ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছিল ‘নিকন D 750’ নামৰ এটা অত্যাধুনিক কেমেৰা । অনলাইন যোগে ক্ৰয় কৰিছিল এক লাখ এক হাজাৰ নশ নিৰানব্বৈ টকা মূল্যৰ কেমেৰাটো । কিন্তু অৰ্ডাৰ অনুসৰি অহা পাৰ্চেল বৃহস্পতিবাৰে খুলি চাই হতবাক হৈ পৰে যুৱকজন । কিয়নো যুৱকজনে কেমেৰাৰ পৰিৱৰ্তে লাভ কৰিলে এটা ‘বিকল কেমেৰা’ আৰু পাঁচ পিছ’ৰিন চাবোন’

লগতে পঢ়কঃ মুকালমুৱা চিকিৎসালয়ত মন্ত্ৰী পীযুষ হাজৰিকাৰ চাদেন ভিজিত!

এই ঘটনাই পুনৰবাৰ প্ৰমাণ কৰিলে যে একাংশ অনলাইন কোম্পানীয়ে গ্ৰাহকক ৰামঠগন দিবলৈ মেলিছে ভয়ংকৰ জাল । সেয়েহে সজাগ হওক আপুনিও, নহ'লে মালিগাঁৱৰ বিদুৎ কলিতাৰ দৰেই অৱস্থা হ'ব পাৰে আপোনাৰো ।

ABOUT THE AUTHOR

...view details