অসম

assam

ETV Bharat / state

চৰকাৰে ধৰ্মীয় মেৰুকৰণ কৰিছে, অসমৰ ভৱিষ্যত ভয়াৱহ হ'বঃ প্ৰদ্যুৎ বৰদলৈ - KALIABOR

সমূহ নগাঁৱবাসীক সংবাদ মাধ্যমৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিলে নৱনিৰ্বাচিত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। নিৰ্বাচনত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ কথা স্বীকাৰ কৰি বিজেপি-RSSক ক্ষুৰধাৰ সমালোচনা কৰে নৱনিৰ্বাচিত সাংসদগৰাকীয়ে

নৱনিৰ্বাচিত নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ সংবাদমেল

By

Published : May 26, 2019, 9:35 PM IST

গুৱাহাটী, 26 মে': দেওবাৰে মহানগৰীৰ হোটেল অম্বৰীচত নৱনিৰ্বাচিত নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে এক সংবাদমেল সম্বোধন কৰে। নগাঁৱৰ সকলো ৰাইজক সংবাদ মাধ্যমৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰে বৰদলৈয়ে। নিৰ্বাচনত শোচনীয় পৰাজয়ৰ কথা স্বীকাৰ কৰি বিজেপি-RSSক ক্ষুৰধাৰ সমালোচনা কৰে নৱনিৰ্বাচিত সাংসদগৰাকীয়ে। লোকসভা নিৰ্বাচনত চৰকাৰে ধৰ্মীয় মেৰুকৰণ কৰিছে। অসমৰ ভৱিষ্যত ভয়াৱহ হ'ব বুলিও সংবাদমেলত মন্তব্য কৰে প্ৰদ্যুৎ বৰদলৈয়ে ।

নৱনিৰ্বাচিত নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ সংবাদমেল

লগতে সাংসদ গৰাকীয়ে কয় যে, "বিজেপিয়ে এতিয়া দুখন পৃথিৱী সৃষ্টি কৰিছে। সৰু পৃথিৱীখনত ধৰ্মীয় সংখ্যালঘুসকলক আৰু ডাঙৰ পৃথিৱীত হিন্দুসকলক অন্তৰ্ভুক্ত কৰিছে ৷" নগাঁৱৰ সকলো ভাষা ভাষী, ধৰ্মাৱলম্বী লোকে কংগ্ৰেছক ভোট দিছে বুলি দাবী কৰে প্ৰদ্যুৎ বৰদলৈয়ে । আনহাতে একাংশ কংগ্ৰেছীয়ে ৰিপুণ বৰাৰ বিৰুদ্ধে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় কমিটিক পত্ৰ প্ৰেৰণ কৰা কাৰ্যত তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰে নৱনিৰ্বাচিত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ।

ABOUT THE AUTHOR

...view details