অসম

assam

ETV Bharat / state

জেব্ৰা ক্ৰছিংঃ বিপদসংকুল ৰাজপথেৰে পাৰ হয় পথচাৰী - Danger Level High

মহানগৰীৰ সদাব্যস্ত ফাঁচীবজাৰ অঞ্চলৰ এখন ভয়ংকৰ ছবি ৷ যিকোনো মুহুৰ্ততে সংঘটিত হ'ব পাৰে অঘটন ৷

বিপদসংকুল ৰাজপথ

By

Published : May 28, 2019, 2:17 PM IST

গুৱাহাটী, 18 মেঃ মহানগৰীৰ এখন ভয়ংকৰ ছবি দেখিল আপোনাৰ বুকু নিশ্চয় কপি উঠিব ৷ মহানগৰীৰ মাজমজিয়াত থকা সদাব্যস্ত ফাঁচীবজাৰ অঞ্চলৰ এইখন ছবি প্ৰত্যক্ষ কৰিলেই সকলো কথা গম পাব আপুনি ৷

বিপদসংকুল ৰাজপথ

সদাব্যস্ত ফাঁচীবজাৰ অঞ্চলত কোনোধৰণৰ উপযুক্ত সুবিধাৰ অনুপস্থিতিতে বিপদসংকুলভাৱে পথ পাৰ হৈ আহিছে হাজাৰ হাজাৰ পথাচাৰীয়ে ৷ এম জি ৰোডৰ পৰা এছ এছ ৰোডলৈ পাৰ হ'বলৈ এইদৰে মৰণত শৰণ লৈ ৰাস্তা পাৰ হৈ আহিছে দৈনিক সহস্ৰাধিক পথাচাৰীয়ে ৷ পূৰ্বতে এইস্থানত জেব্ৰা ক্ৰছিঙৰ ব্যৱস্থা আছিল যদিও বৰ্তমানে নতুনকৈ ডিভাইদাৰ আৰু লোহাৰ ৰেলিং লগোৱা বাবে এইদৰে অসুবিধাৰ সন্মুখীন হৈ আহিছে পথাচাৰীসকল ৷

ABOUT THE AUTHOR

...view details