নিশা অন্ধকাৰত ডুব যায় মহানগৰীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ
গুৱাহাটী মহানগৰীৰ 37নং ৰাষ্ট্ৰীয় ঘাইপথৰ ষ্ট্ৰীট লাইটসমূহ বিগত কেইবাদিন ধৰি বিকল হৈ থকাত সমস্যাত পৰিছে পথাচাৰীসকল ৷ সঘনাই দুৰ্ঘটনা সংঘটিত হৈ থকা ব্যস্ত ঘাইপথটোত কেইবা দিন ধৰি ষ্ট্ৰীট লাইটসমূহ একেই অৱস্থাতে আছে যদিও বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা হাতত নোলোৱাৰ অভিযোগ ৷
গুৱাহাটী, 31 মে’: নিশা হ'লেই অন্ধকাৰত ডুব যায় মহানগৰীৰ 37নং ৰাষ্ট্ৰীয় ঘাইপথটো । ঘাইপথটোৰ ষ্ট্ৰীট লাইটসমূহ বিগত কেইবাদিন ধৰি বিকল হৈ থকাৰ বাবেই গুৱাহাটীৰ বশিষ্ঠৰ পৰা জালুকবাৰীলৈ অন্ধকাৰ পথেৰে অতি বিপদজনক ভাৱে অহা-যোৱা কৰে পথাচাৰীসকলে ৷ অনে ভয়াবহ পৰিস্থিতিৰে যাতায়ত অব্যাহত থকাৰ স্বত্বেও লাইটসমূহ মেৰামতিৰ বাবে বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা হাতত লোৱা নাই । উল্লেখযোগ্য যে, ব্যস্ত ৰাষ্ট্ৰীয় ঘাইপথটোৰ এনেধৰণৰ সমস্যাৰ বাবেও বিভিন্ন সময়ত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰো অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷