গুৱাহাটী, 4 এপ্ৰিল: মহানগৰীৰ ৰাজপথত নিশা কামৰূপ জিলা পৰিবহন বিভাগৰ অভিযান৷ যান-বাহন আইন উলংঘাকাৰী একাংশ বাহনৰ চালকক নাকী লগোৱাৰ উদ্দেশ্যে এই ব্যৱস্থা গ্ৰহণ কৰিছে পৰিবহন বিভাগে ৷
লখৰাত কামৰূপ জিলা পৰিবহন বিভাগৰ অভিযান - etv bharat
জব্দ তিনিখন ট্ৰাক, 44 খনক বিহিলে জৰিমনা
গুৱাহাটী মহানগৰীৰ লখৰাত অত্যাধিক সামগ্ৰী পৰিবাহী, উচ্চ ক্ষমতা সম্পন্ন নাম্বাৰ প্লেট বিহীন বাহন আৰু কোনো ধৰণৰ নথি-পত্ৰ নথকা বাহনৰ বিৰুদ্ধে অভিযান চলালে কামৰূপ জিলা পৰিবহন বিভাগে৷ লখৰাৰ 37 নং ৰাষ্ঠ্ৰীয় ঘাইপথত চলোৱা এই অভিযানত পৰিবহন বিভাগে জব্দ কৰে 3 খনকৈ অধিক বোজাই ভৰ্তি ট্ৰাক ৷ এই তিনিখন ট্ৰাকৰ ভিতৰত আছে 2 খন কয়লা ভৰ্তি ট্ৰাকৰ লগতে এখন চিমেণ্ট কঢ়িওৱা ট্ৰাক৷
আনহাতে, এই অভিযানকালত মুঠ 44খন ট্ৰাকক জৰিমনা বিহে কামৰূপ জিলা পৰিবহন বিভাগে৷ অত্যাধিক বোজাই ভৰ্তি বাহনৰ বিৰুদ্ধে এনেদৰে নিয়মীয়াকৈ অভিযান চলি থাকিব বুলি জানিবলৈ দিয়ে অভিযানকাৰী দলটোৱে ৷