অসম

assam

By

Published : Jun 27, 2019, 6:44 PM IST

Updated : Jun 27, 2019, 6:52 PM IST

ETV Bharat / state

মহানগৰীত পদপথ নিৰ্মাণত দুৰ্নীতি!

গণেশগুৰিৰ পৰা উলুবাৰী উৰণীয়া সেঁতুলৈ নিৰ্মাণ কৰা অত্যাধুনিক পদপথ আৰু ডিভাইডাৰক নতুন ৰূপ দিয়াৰ প্ৰচেষ্টা ৷ বিভাগে দিয়া নিৰ্দেশমৰ্মেই কাম কৰি আছে বুলি উল্লেখ কৰ্মচাৰীৰ

মহানগৰীত পদপথ নিৰ্মাণত দুৰ্নীতি: পুৰণি পদপথত লোহাৰ গ্ৰীল লগাই নতুন ৰূপ দিয়াৰ চেষ্টা

গুৱাহাটী,27 জুনঃ মহানগৰীত পদপথ নিৰ্মাণত গড়কাপ্তানী বিভাগৰ ব্যাপক হেমাহিৰ অভিযোগ। টাইল্ছ আৰু লোহাৰ গ্ৰীল লগাই পুৰণি পদপথৰ ঠাইত নতুন পদপথ নিৰ্মাণ কৰাৰ অভিযোগ উঠিছে বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে। গণেশগুৰিৰ পৰা উলুবাৰীৰ উৰণীয়া সেঁতু লৈ ৪৭ কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা হৈছে অত্যাধুনিক পদপথ আৰু ডিভাইডাৰ। পদপথত লোহাৰ গ্ৰীল লগাই পুৰণি পদপথৰ ঠাইত নতুন ৰূপ দিয়াৰ ব্যৱস্থাত এজন কৰ্মচাৰীয়ে কয় যে তেওঁলোকক বিভাগে দিয়া নিৰ্দেশমৰ্মেই কাম কৰি আছে।

মহানগৰীত পদপথ নিৰ্মাণত দুৰ্নীতি: পুৰণি পদপথত লোহাৰ গ্ৰীল লগাই নতুন ৰূপ দিয়াৰ চেষ্টা

গণেশগুৰিৰ পৰা উলুবাৰী উৰণীয়া সেঁতুলৈ অত্যাধুনিক পদপথৰ নামত ৩৫ কোটি আৰু ডিভাইডাৰৰ নামত ১২ কোটি টকা ব্যয় কৰা হৈছে যদিও অত্যাধুনিক পদপথ আৰু ডিভাইডাৰ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি চলাৰ অভিযোগ উঠিছে।পদপথৰ ওপৰৰ অংশ সম্পূৰ্ণৰূপে ভাঙি নতুনকৈ নিৰ্মাণ কৰিব লাগিছিল কিন্তু কোম্পানীয়ে গড়কাপ্তানী বিভাগক চকুত ধূলি দি পুৰণি পদপথক অত্যাধুনিক ৰূপ দিয়াৰ চেষ্টা অব্যাহত ৰাখিছে । আনহাতে অত্যাধুনিক পদপথত লোহাৰ গ্ৰীল লগোৱা দেখা গৈছে যদিও ব্যাপক দুৰ্নীতিৰ অভিযোগ উঠিছে।

আৰু পঢ়কঃ মহানগৰীত ড্ৰাগছ বিৰোধী অভিযান : যুৱতী গ্ৰেপ্তাৰ

Last Updated : Jun 27, 2019, 6:52 PM IST

ABOUT THE AUTHOR

...view details