গুৱাহাটী,৬ মাৰ্চ: ৰাজ্য চৰকাৰৰ স্ব-অগ্ৰাধিকাৰ পুঁজিৰ ২০১৮-১৯ প্ৰকল্পৰ অধীনত মহানগৰীত নিৰ্মাণ কৰা হ'ব নতুন উৰণীয়া সেঁতু । বুধবাৰে ৰাধা গোবিন্দ বৰুৱা পথৰ পৰা গণেশগুৰিৰ বিষ্ণু ৰাম মেধি সেঁতুলৈ নিৰ্মাণ হ'বলগীয়া নতুন উৰণীয়া সেঁতুৰ আধাৰশিলা স্থাপন কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।
মহানগৰীত নতুন উৰণীয়া সেঁতুৰ আধাৰশিলা স্থাপন - ASSAM GOVT.
ৰাধা গোবিন্দ বৰুৱা পথৰ পৰা গণেশগুৰিলৈ নিৰ্মাণ হ'ব নতুন উৰণীয়া সেঁতুখন। ৫৮.৭৪ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া মুঠ ৩১৫.১৩৮ মিঃ দৈঘ্যৰ নতুন উৰণীয়া সেঁতুৰ কাম ১৮ মাহৰ ভিতৰত সম্পন্ন কৰা হ'ব।
মহানগৰীত নতুন উৰণীয়া সেঁতুৰ আধাৰশিলা স্থাপন
ইপিনে মহানগৰীত দিনক দিনে বৃদ্ধি পাই অহা যান-জঁটৰ সংখ্যা হ্ৰাস কৰিবলৈ চৰকাৰে কেইবাখনো উৰণীয়া সেঁতু নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । উল্লেখ্য যে ৫৮.৭৪ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া মুঠ ৩১৫.১৩৮ মিঃ দৈঘ্যৰ নতুন উৰণীয়া সেঁতুৰ কাম ১৮ মাহৰ ভিতৰত সম্পন্ন কৰা হ'ব আশা প্ৰকাশ কৰে বিত্তমন্ত্ৰীগৰাকীয়ে ।