অসম

assam

ETV Bharat / state

গ্ৰন্থৰ আকাৰত প্ৰকাশ পালে নৱ কুমাৰ ফুকনৰ ‘সপোন, হতাশা, সংগ্ৰাম আৰু প্ৰাপ্তি’

2016 বৰ্ষত বৰফাবৃত এভাৰেষ্টত বগাবলৈ গৈ হোৱা বিভিন্ন ঘাত,প্ৰতিঘাত, আনন্দ, বিভিন্ন অভিজ্ঞতাক আধাৰ হিচাপে গ্ৰন্থখন লিখি উলিয়াইছে লেখকে ৷ গ্ৰন্থখন উন্মোচন কৰি হোমেন বৰগোহাঞিয়ে কয় যে এই গ্ৰন্থখন এখন সমসাময়িক সময়ৰ গ্ৰন্থ ৷

গ্ৰন্থৰ আকাৰত প্ৰকাশ পালে নৱ কুমাৰ ফুকনৰ ‘সপোন, হতাশা, সংগ্ৰাম আৰু প্ৰাপ্তি’

By

Published : May 20, 2019, 8:26 PM IST

গুৱাহাটী,20 মে’: অৱশেষত পূৰ্ণতা পালে এভাৰেষ্ট আৰোহণকাৰী নৱ কুমাৰ ফুকনৰ এক দীৰ্ঘদিনীয়া সপোনে ৷ গ্ৰন্থৰ আকাৰত প্ৰকাশ পালে নৱকুমাৰ ফুকনৰ চিন্তাৰ ফচল ‘সপোন, হতাশা, সংগ্ৰাম আৰু প্ৰাপ্তি’ নামৰ সংকলনখন ৷ সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিয়ে ৷ গ্ৰন্থ উন্মোচনী সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়া ৷

গ্ৰন্থৰ আকাৰত প্ৰকাশ পালে নৱ কুমাৰ ফুকনৰ ‘সপোন, হতাশা, সংগ্ৰাম আৰু প্ৰাপ্তি’

লগতে পঢ়ক: গৰু চুৰিত ব্যৱহৃত মাৰুতি ভেনসহ তিনিটা গৰু জব্দ

2016 বৰ্ষত বৰফাবৃত এভাৰেষ্টত বগাবলৈ গৈ হোৱা বিভিন্ন ঘাত,প্ৰতিঘাত, আনন্দ, বিভিন্ন অভিজ্ঞতাক আধাৰ হিচাপে গ্ৰন্থখন লিখি উলিয়াইছে লেখকে ৷ গ্ৰন্থখন উন্মোচন কৰি হোমেন বৰগোহাঞিয়ে কয় যে এই গ্ৰন্থখন এখন সম-সাময়িক সময়ৰ গ্ৰন্থ ৷ এই গ্ৰন্থখন সকলোৱে পঢ়া উচিত ৷ বিশেষকৈ বাস্তৱ জীৱনৰ ওপৰত আধাৰিত এই গ্ৰন্থখনে আন বহুতকে এনে যাত্ৰাত সহায় হ'ব বুলি মত ব্যক্ত কৰে সকলোৱে ৷

ABOUT THE AUTHOR

...view details