গুৱাহাটী,15মাৰ্চ: "14 টা সমষ্টিৰ ভিতৰত সকলোতকৈ চৰ্চিত হোৱা সমষ্টিটোৱেই হৈছে যোৰহাট ৷ সমালোচকসকলে সমালোচনা কৰাটো স্বাভাবিক কথা ৷ প্ৰাৰ্থীত্বক লৈ আচলতে মই নিজেই ইচ্ছুক নহয় ৷"- বৃহস্পতিবাৰে সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এই মন্তব্য যোৰহাটৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ ৷
প্ৰাৰ্থিত্ব সন্দৰ্ভত কামাখ্যা প্ৰসাদ তাছাৰ মন্তব্য তেওঁ লগতে কয় যে যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছে এৰি থৈ যোৱা আধৰোৱা কাম তেওঁৰ দিনত হে সম্পূৰ্ণ কৰিছে ৷ গতিকে বাতৰিকাকত অথবা সংবাদ মাধ্যমত তেওঁক লৈ যি সমালোচনা হৈছে তাত তেওঁ আচৰিত নহয় ৷ ইপিনে সাংসদগৰাকীয়ে কয় যে দলৰ শীৰ্ষ নেতৃত্বই প্ৰাৰ্থিত্ব সন্দৰ্ভত এই পৰ্যন্ত কোনো সিদ্ধান্ত লোৱা নাই গতিকে তেওঁৰ প্ৰাৰ্থিত্বক লৈ কিয় সকলোৱে চৰ্চা কৰাছে ? ইফালে ৰাজ্যিক সভাপতি পদৰ বাবে সোধা প্ৰশ্নত তেওঁ ৰাজ্যিক সভাপতি পদবীটো এটা সন্মানীয় পদ বুলি কয় এই বিষয়ে কোনোধৰণৰ মন্তব্যৰ পৰা বিৰত থাকে সাংসদ কামাখ্যা প্ৰসাদ তাছা ৷