গুৱাহাটী, 9 মে': বৃহস্পতিবাৰে ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷ সংবাদমেলত তেওঁ কয় যে অহা ২৩ মে'ৰ পিছত নৰেন্দ্ৰ মোডীৰ বেয়া দিন আহিব। ২৩ মে'ৰ পিচত দেশবাসীয়ে এখন নতুন চৰকাৰ পাব আৰু এই নতুন চৰকাৰ গঠনত কংগ্ৰেছ দলে বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলিও মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে।
মোডীৰ ৰাশিফল বেয়ালৈ আহিছেঃ তৰুণ গগৈ
বৃহস্পতিবাৰে ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তীব্ৰ আক্ৰমণ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক উদ্দেশ্যি কৰা মন্তব্যক গৰিহণা দি কয় যে, "পৰাজয়ৰ কথা ভাবি নৰেন্দ্ৰ মোডী হতাশ হৈছে বাবে এনে মন্তব্য দিছে। যোৱা ৫ বছৰত কৰা তেওঁৰ কামৰ উদাহৰণ দাঙি ধৰি ভোট বিচৰাৰ পৰিৱৰ্তে হতাশ হৈয়ে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰিছে। "এন আৰ চিৰ পৰা ৪০ লাখ মানুহৰ নাম কেনেকৈ বাদ পৰিল ইয়াক লৈও প্ৰশ্ন উত্থাপন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে। তাৰোপৰি বৰ্তমান ৰাজ্যত চৰকাৰ আছেনে নাই ধৰিবই নোৱাৰি বুলিও কটাক্ষ কৰে সোণোৱাল চৰকাৰক।