অসম

assam

ETV Bharat / state

অসম আন্দোলনত গুলীবিদ্ধ ব্যক্তিক সাহাৰ্য প্ৰদান - সৰ্বানন্দ সোণোৱাল

অসম আন্দোলনত গুলীবিদ্ধ হোৱা ৰাজ্যৰ ২৬৮ গৰাকী ব্যক্তিক প্ৰদান কৰা হয় ২ লাখ টকাকৈ এককালীন সাহাৰ্য

assam govt

By

Published : Mar 7, 2019, 9:51 PM IST

assam govt

গুৱাহাটী, ৭ মাৰ্চঃ বৃহস্পতিবাৰে মহানগৰীৰ মণিৰাম দেৱান বাণিজ্যিক কেন্দ্ৰৰ প্ৰেক্ষাগৃহত ঐতিহাসিক অসম আন্দোলনত গুলীবিদ্ধ ব্যক্তিক প্ৰদান কৰা হয় এককালীন সাহাৰ্য । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ব্যক্তিসকলক আনুষ্ঠানিকভাৱে প্ৰদান কৰে এই সাহাৰ্য । অসম আন্দোলনত গুলীবিদ্ধ হোৱা ৰাজ্যৰ ২৬৮ গৰাকী ব্যক্তিক প্ৰদান কৰা হয় ২ লাখ টকাকৈ এককালীন সাহাৰ্য । বিদেশী বহিস্কাৰ, জাতি ৰক্ষাৰ স্বাৰ্থত আগবাঢ়ি যোৱা ব্যক্তিসকলক কিছু সাহাৰ্য প্ৰদানৰ উদ্দেশ্যে অসমৰ চৰকাৰৰ অসম চুক্তি ৰূপায়ণ বিভাগে গ্ৰহণ কৰে এই পদক্ষেপ । ইফালে বিজেপি চৰকাৰে অসম আন্দোলনত প্ৰাণ আহুতি দিয়া তথা নিৰ্যাতিত সকলৰ হকে বিভিন্ন পদক্ষেপ হাতত লোৱা হৈছে বুলিও মন্তব্য সোণোৱালৰ । অসম চুক্তিৰ ৫নং, ৬নং দফা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰতো আগবঢ়াৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । গুৱাহাটীত শ্বহীদ স্মাৰক নিৰ্মাণ কৰাৰ কথাও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ।

ABOUT THE AUTHOR

...view details