গুৱাহাটী, ১০ মে': গুৱাহাটীত শুকুৰবাৰে ৰাতিপুৱা ৬.৩০ বজাত ৰে'লৰ অনুসন্ধান কৰ্মচাৰীয়ে মঞ্জু শ্বেখ নামৰ এজন লোকক নিচাযুক্ত দ্ৰব্যৰ সৈতে গ্ৰেপ্তাৰ কৰে। ড্ৰাগছ সৰবৰাহৰ সন্দেহত কোচ বিহাৰৰ ২৮ বছৰীয়া লোকজনক ৰাজধানী এক্সপ্ৰেছৰ পৰা গ্ৰেপ্তাৰ কৰা হয়।
ৰে'লত ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ - কোচবিহাৰ
শুকুৰবাৰে গুৱাহাটীৰ পৰা ৰে'লৰ অনুসন্ধান কৰ্মচাৰীয়ে নিচাযুক্ত দ্ৰব্য কঢ়িয়াই নিয়াৰ বাবে মঞ্জু শ্বেখ লোকজনক গ্ৰেপ্তাৰ কৰে । ৰাজধানী এক্সপ্ৰেছৰ পৰা প্ৰায় ৭৮০০ সংখ্যক নিচাযুক্ত টেবলেট কঢ়িয়াই নিয়াৰ বাবে গ্ৰেপ্তাৰ কৰা হয় তেওঁক।
ৰে'লত ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ
ডিমাপুৰৰ পৰা কোচবিহাৰ অভিমুখী ৰে'ল খনত প্ৰায় ৭৮০০ সংখ্যক নিচাযুক্ত টেবলেট কোচ বিহাৰলৈ কঢ়িয়াই নিওতে আটক কৰা হয় লোকজনক। এন ডি আৰ এচ অধিনিয়মৰ অধীনত লোকজনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰাৰ লগতে তেওঁক আটক কৰে ৰেল আৰক্ষীয়ে।