গুৱাহাটী, 28 এপ্ৰিলঃ দেওবাৰে মহানগৰীৰ মালিগাঁও বেংগলী এম ই স্কুলত অনুষ্ঠিত হয় প্ৰাক্তন ছাত্ৰ সমাৰোহ । মালিগাঁৱৰ অতিকৈ পুৰণি এই স্কুলৰ প্ৰতিজন প্ৰাক্তন ছাত্ৰই অংশগ্ৰহণ কৰে সমাৰোহত । সকলোৱে পুৰণি দিনৰ স্মৃতি ৰোমন্থন কৰে এই অনুষ্ঠানত । ন পুৰণি সকলো ছাত্ৰ ছাত্ৰীয়ে এক আলোচনা চক্ৰত ভাগ লয় ।
বেংগলী এম ই স্কুলত প্ৰাক্তন ছাত্ৰ সমাৰোহ - প্ৰাক্তন ছাত্ৰ সমাৰোহ
কেইবাগৰাকীও বিশেষভাৱে সাফল্য অৰ্জন কৰা প্ৰাক্তন শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয় এই ছাত্ৰ সমাৰোহত ৷
![বেংগলী এম ই স্কুলত প্ৰাক্তন ছাত্ৰ সমাৰোহ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3134022-thumbnail-3x2-thuu.jpg)
বেংগলী এম ই স্কুলত অনুষ্ঠিত হয় প্ৰাক্তন ছাত্ৰ সমাৰোহ
বেংগলী এম ই স্কুলত অনুষ্ঠিত হয় প্ৰাক্তন ছাত্ৰ সমাৰোহ
বৰ্তমানৰ শিক্ষাৰ্থীসকলক আগবাঢ়ি যোৱাৰ বাবে বক্তৃতা প্ৰদান কৰে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে । তাৰোপৰি কেইবাগৰাকীও বিশেষভাৱে সাফল্য অৰ্জন কৰা প্ৰাক্তন শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয় । ইফালে স্কুলখনৰ একেটা চৌহদতে আছে অসমীয়া মাধ্যমৰ বিদ্যালয় । এইখনেই প্ৰথম অসমীয়া আৰু বেংগলী মাধ্যমৰ বিদ্যালয়, য’ত একেলগে দুটা মাধ্যমৰ শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণ কৰে ৷