অসম

assam

By

Published : Jun 6, 2019, 12:18 AM IST

ETV Bharat / state

দুদিনীয়া ভ্ৰমণসূচীৰে অৰুণাচল আৰু নাগালেণ্ডলৈ ইষ্টাৰ্ণ কামাণ্ডৰ কামাণ্ডাৰ এম এম নাৰাভানে

ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ জেনেৰেল অফিচাৰ কামাণ্ডিং ইন চীফ এম এম নাৰাভানে পৰিভ্ৰমণ কৰে সেনা আৰু আছাম ৰাইফলছৰ শিৱিৰ ৷ দুদিনীয়া ভ্ৰমণসূচীৰে নাগালেণ্ড আৰু অৰুণাচলৰ সেনা আৰু আছাম ৰাইফলছৰ ছাউনীত উপস্থিত হয় প্ৰথম শ্ৰেণীৰ সেনা বিষয়াগৰাকী ৷

জেনেৰেল অফিচাৰ কামাণ্ডিং ইন চীফ এম এম নাৰাভানে

নিউজ ডেস্ক, 5 জুনঃ দুদিনীয়া ভ্ৰমণসূচীৰে পূৰ্বোত্তৰৰ সীমান্তৱৰ্তী সেনা আৰু আছাম ৰাইফলছৰ ছাউনীত উপস্থিত ইষ্টাৰ্ণ কামাণ্ডৰ জিঅ'চি ৷ কলকাতাস্থিত স্থলসেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ জেনেৰেল অফিচাৰ কামাণ্ডিং ইন চীফ এম এম নাৰাভানে 4 জুনত উপস্থিত হয় নাগালেণ্ডত ৷

নাগালেণ্ডৰ আছাম ৰাইছলছৰ ইনছপেক্টৰ জেনেৰেল নৰ্থৰ মুখ্যালয়ত উপস্থিত হোৱা বিষয়াগৰাকীয়ে ৰাজ্যখনত বিভিন্ন প্ৰান্তৰ আছাম ৰাইফলছৰ শিৱিৰসমূহ পৰিভ্ৰমণ কৰাৰ লগতে ৰাইফলমেনসকলৰ সৈতে আলোচনাত মিলিত হয় ৷

অধিক পঢ়কঃ কাৰ্গিল যুদ্ধৰ ভেটেৰান কেনেকৈ বিদেশী হ'ব পাৰে ?

নাগালেণ্ডৰ পৰা 5 জুনত পোনে পোনে দক্ষিণ অৰুণাচল প্ৰদেশৰ স্পেয়াৰ কৰ্পছৰ সেনা ছাউনীত উপস্থিত হয় লে. জেন নাৰাভানে ৷ ৰাজ্যখনৰ পূৰ্বৱৰ্তী সেনা চাউনীত উপস্থিত হৈ সেনা বিষয়াসকলৰ সৈতে অভিযান সম্পৰ্কীয় আলোচনাত মিলিত হয় ৷ ইষ্টাৰ্ণ কামাণ্ডৰ শীৰ্ষ বিষয়াগৰাকীক এইক্ষেত্ৰত সহযোগিতা আগবঢ়ায় অৰুণাচলৰ দায়িত্বত থকা মাউন্টেইন ডিভিজনৰ শীৰ্ষ বিষয়াই ৷

ABOUT THE AUTHOR

...view details