গুৱাহাটী, 22 জুনঃ অসমৰ ৰাজনীতিত ইয়াৰ পূৰ্বে এনে ধৰণৰ সাংবিধানিক জটিল প্ৰশ্নৰ কেতিয়াও সৃষ্টি হোৱা নাছিল । ৰাজ্য চৰকাৰৰ দুগৰাকীকৈ দায়িত্বশীল মন্ত্ৰী লোকসভালৈ নিৰ্বাচিত হোৱাৰ পিছত এতিয়া প্ৰশ্ন উঠিছে যে তেওঁলোকৰ হাতত ন্যস্ত থকা বিভাগসমূহৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ বিধানসভাত কোনে দিব । কিয়নো, 18 জুলাইৰ পৰা আৰম্ভ হব বিধানসভাৰ বৰ্ষাকালীন অধিবেশন।
লোকসভা নে বিধানসভাঃ কোনখন অধিবেশনত বহিব তপন-পল্লৱ ?
সাংসদ তপন কুমাৰ গগৈ আৰু পল্লৱ লোচন দাসৰ এজনেও এই পৰ্যন্ত ত্যাগ কৰা নাই মন্ত্ৰী পদ। তেনেক্ষেত্ৰত এতিয়া প্ৰশ্ন উঠিছে বিধানসভাৰ আগন্তুক বৰ্ষাকালীন অধিবেশনত এই দুজন মন্ত্ৰীৰ হাতত ন্যস্ত থকা বিভাগসমূহৰ উত্তৰ কোনে দিব । আগন্তুক দিনত কোনখন অধিবেশনত বহিব তপন গগৈ আৰু পল্লৱ লোচন দাস । লোকসভাত নে বিধানসভাত
লোকসভা নে বিধানসভাঃ কোনখন অধিবেশনত বহিব তপন-পল্লৱ ?
একে সময়তে চলি আছে লোকসভাৰ অধিবেশনো । 26 জুলাইলৈকে চলি থাকিব লোকসভাৰ অধিবেশন । আগন্তুক দিনত কোনখন অধিবেশনত বহিব তপন গগৈ আৰু পল্লৱ লোচন দাস । লোকসভাত নে বিধানসভাত ?
আৰু পঢ়কঃ বিজেপিৰ মুুখ্য কাৰ্যালয়ক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি