অসম

assam

নাহৰফুটুকীৰ আতংকত উজাগৰী নিশা কটাইছে শান্তিপুৰবাসীয়ে

By

Published : Jul 2, 2019, 10:48 PM IST

নাহৰফুটুকীৰ আতংকত এইবাৰ শান্তিপুৰবাসী ৷ চিচি টিভি কেমেৰাত আৱদ্ধ নাহৰফুটুকীটোৱে এটা পোহনীয়া কুকুৰ ভক্ষণ কৰা সমগ্ৰ দৃশ্য ৷

নাহৰফুটুকীৰ আতংকত শান্তিপুৰবাসী


গুৱাহাটী, 2 জুলাই : বাঘৰ আতংকৰ মাজত পুনৰ মহানগৰবাসী ৷ মালিগাঁৱৰ পিছত এইবাৰ নাহৰফুটুকীয়ে নিদ্ৰাহৰণ কৰিছে শান্তিপুৰবাসীৰ ৷ শান্তিপুৰৰ এন জি বি ৰোডৰ সমনজিৎ শৰ্মা নামৰ ব্যক্তিজনৰ ঘৰৰ চৌহদত সোমাই তেওঁৰ পোহনীয়া কুকুৰটো ভক্ষণ কৰে৷ এই সমগ্ৰ দৃশ্য আৱদ্ধ হৈ ৰয় তেওঁৰ ঘৰৰ চৌহদত সংস্থাপিত চিচি টিভি কেমেৰাত ৷ অঞ্চলটোত দীৰ্ঘদিন ধৰি নাহৰফুটুকীয়ে ত্ৰাসৰ সৃষ্টি কৰাত আতংকিত হৈ পৰিছে অঞ্চলবাসী ৷ অঞ্চলবাসীৰ নিৰাপদৰ বাবে বন বিভাগক শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজে৷

নাহৰফুটুকীৰ আতংকত শান্তিপুৰবাসী

ABOUT THE AUTHOR

...view details