নতুন দিল্লী, 19 জুনঃ বিদ্ৰোহী সমস্যা আৰু উত্তৰ-পূব ভাৰতৰ উন্নয়নৰ ধাৰা, দুয়োটা বিষয়ৰ চৰ্চা সময়ে সময়ে হৈ থাকে ৷ আজিলৈকে ভাৰত-চৰকাৰ আৰু বিদ্ৰোহী সংগঠনৰ নেতা-সদস্যই দুয়োটা বিষয়ৰ বাবে কোনো স্থায়ী সমাধানৰ বিষয়ে চিন্তা কৰা নাই ৷ শেহতীয়াকৈ বিগত মে' মাহৰ 16 তাৰিখৰ পৰা ভাৰতীয় সেনা আৰু ম্যানমাৰ সেনাই ভাৰত-ম্যানমাৰ সীমাত থকা উত্তৰ-পূবৰ বহুকেইটা বিদ্ৰোহী সংগঠনৰ বিৰুদ্ধে চলাইছিল এক সংযুক্ত অভিযান ৷ এনএছচিএন, আলফা, কেএলঅ' আদি বিদ্ৰোহী সংগঠনৰ বিৰুদ্ধে দুয়োখন দেশৰ সেনাই চলোৱা এই অভিযানক নাম দিয়া হৈছিল "Operation Sunrise" যাৰ দ্বাৰা প্ৰায় 70জনতকৈ অধিক বিদ্ৰোহী সদস্যক কৰায়ত্ত কৰিছে দুয়োখন দেশৰ সেনাই ৷
অপাৰেশ্বন ছানৰাইজঃ "সৈন্য অভিযানেই সমস্যাৰ সমাধান নহয়" - লৰহো এছ ফ'জে
উত্তৰ-পূবৰ ভাৰত-ম্যানমাৰ সীমান্তৱৰ্তী অঞ্চলৰ আন্তঃগাঁথনিগত উন্নয়ন আৰু শান্তি আলোচনা অবিহনে সম্ভৱ নহয় বিদ্ৰোহী সমস্যাৰ সমাধান ৷ ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এইদৰে মন্তব্য কৰে মণিপুৰৰ সাংসদ লৰহো এছ ফ'জে ৷
অপাৰেশ্বন ছানৰাইজঃ "সৈন্য অভিযানেই সমস্যাৰ সমাধান নহয়"
উত্তৰ-পূবৰ বিদ্ৰোহী সমস্যা আৰু ইয়াৰ সমাধান সন্দৰ্ভত ইটিভি ভাৰতৰ আগত নিজৰ মত প্ৰকাশ কৰে মণিপুৰৰ সাংসদ লৰহো এছ ফ'জে ৷ ইটিভি ভাৰতৰ আগত কি ক'লে সাংসদগৰাকীয়ে, চাঁওক আমাৰ এই প্ৰতিবেদন.....