অসম

assam

ETV Bharat / state

কোকৰাঝাৰ সমষ্টি উদ্ধাৰৰ কুচকাৱাজ হাগ্ৰামা বাহিনীৰ - preparation

নিৰ্ভৰযোগ্য সূত্ৰ অনুসৰি বিপিএফৰ পৰা প্ৰমীলাৰাণী ব্ৰহ্মক প্ৰাৰ্থিত্ব দিয়াৰ যো-জা চলোৱা হৈছে যদিও দলৰ মজিয়াত কেন্দ্ৰীয় সম্পাদক তথা প্ৰাক্তন আছু নেতা প্ৰবীণ বড়ো কোকৰাঝাৰৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ বুলি দলৰ সূত্ৰত প্ৰকাশ ৷

কোকৰাঝাৰ সমষ্টি উদ্ধাৰৰ কুচকাৱাজ হাগ্ৰামা বাহিনীৰ

By

Published : Mar 12, 2019, 5:10 AM IST

কোকৰাঝাৰ, 12 মাৰ্চঃ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰতা বাঢ়িছে ৰাজনৈতিক দলসমূহৰ মাজত ৷ অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত অগপ, বিজেপি আৰু বিপিএফৰ মিত্ৰজোঁট প্ৰসংগ পুনৰ চৰ্চিত হ’লেও এতিয়ালৈকে স্বচ্ছ হোৱা নাই মিত্ৰজোঁটৰ ছবি৷ কোকৰাঝাৰৰ 5 নং ( জনজাতি ) লোকসভা সমষ্টি পুনৰ উদ্ধাৰ কৰিবলৈ এতিয়া বাৰুকৈয়ে তৎপৰ হৈছে হাগ্ৰামা বাহিনী৷ ইতিমধ্যে কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা বিধায়িকা প্ৰমীলাৰাণী ব্ৰহ্মক বিপিএফৰ প্ৰাৰ্থিত্ব প্ৰদানৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে ৷

কোকৰাঝাৰ সমষ্টি উদ্ধাৰৰ কুচকাৱাজ হাগ্ৰামা বাহিনীৰ

উল্লেখ্য যে, বিগত লোকসভা নিৰ্বাচনত অনাবড়োৰ আবেগকলৈ বিপুল ভোটত কোকৰাঝাৰ লোকসভা সমষ্টি দখল কৰা একালৰ আলফাৰ সংগ্ৰামী নেতা তথা সাংসদ নৱ কুমাৰ শৰণীয়াক ধনবল আৰু বাহুবল প্ৰয়োগ কৰি হ’লেও পৰাজিত কৰাৰ বাবে সঘন বৈঠকত মিলিত হৈছে বিপিএফৰ হাইকমাণ্ড হাগ্ৰামা মহিলাৰী৷ নিৰ্ভৰযোগ্য সূত্ৰ অনুসৰি বিপিএফৰ পৰা প্ৰমীলাৰাণী ব্ৰহ্মক প্ৰাৰ্থিত্ব দিয়াৰ যো-জা চলোৱা হৈছে যদিও দলৰ মজিয়াত কেন্দ্ৰীয় সম্পাদক তথা প্ৰাক্তন আছু নেতা প্ৰবীণ বড়ো কোকৰাঝাৰৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ বুলি দলৰ সূত্ৰত প্ৰকাশ ৷ ইফালে, বিটিএডিৰ মুখ্য বিৰোধী দল ইউ পি পি এলত প্ৰাৰ্থিত্ব প্ৰদানৰ বাবে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ উৰখাও গোড়া ব্ৰহ্মৰ নাম উত্থাপিত হৈছে ৷ লগতে কংগ্ৰেছৰ ফালৰ পৰা দুৰ্গা দাস বড়ো, শব্দ ৰাভা আৰু ভূপেন দৈমাৰী, চিপি আই এমৰ পৰা বিৰাজ ডেকাৰ নাম দলৰ মজিয়াত চৰ্চিত হৈছে৷ অৱশ্যে লোকসভা নিৰ্বাচনত নিজৰ আসন অক্ষুণ্ণ ৰখাৰ বাবে কোকৰাঝাৰ সমষ্টিৰ অন্তৰ্গত জিলাসমূহৰ ভিতৰুৱা অঞ্চলত প্ৰৱেশ কৰি ইতিমধ্যে নিৰ্বাচনী ৰণকৌশল আৰম্ভ কৰিছে বৰ্তমানৰ সাংসদ নৱ শৰণীয়াই ৷

ABOUT THE AUTHOR

...view details