গুৱাহাটী, ২৭ এপ্ৰিলঃ শনিবাৰে ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ কিশোৰ ভট্টাচাৰ্য্যৰ সংবাদমেল । ৰাজ্যত সংঘটিত সাংবাদিক নিৰ্যাতনৰ ঘটনাৰ বিৰুদ্ধে সৰৱ মুখপাত্ৰ গৰাকী । সাংবাদিকক নিৰাপত্তা প্ৰদানৰ ক্ষেত্ৰত সোণোৱাল চৰকাৰ সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে বুলি উল্লেখ কৰে মুখপাত্ৰ গৰাকীয়ে ।
বিজেপিৰ গুণ্ডাই সাংবাদিকৰ ঘৰত প্ৰথমে ভাবুকি দি আক্ৰমণ কৰিছেঃ কিশোৰ ভট্টাচাৰ্য্য - অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ কিশোৰ ভট্টাচাৰ্য্য
শনিবাৰে ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি সাংবাদিকক নিৰাপত্তা প্ৰদানৰ ক্ষেত্ৰত সোণোৱাল চৰকাৰ সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে বুলি উল্লেখ কৰে মুখপাত্ৰ গৰাকীয়ে
ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ কিশোৰ ভট্টাচাৰ্য্যৰ সংবাদমেল
লগতে তেওঁ উল্লেখ কৰে যে, "বিজেপিৰ গুণ্ডাই সাংবাদিকৰ ঘৰত প্ৰথমে ভাবুকি দিছে আৰু তাৰ পিছতেই আক্ৰমণ কৰিছে । এয়া গ্ৰহণ যোগ্য নহয় ।" তাৰোপৰি বিজেপি দলক সমালোচনাৰে থকা সৰকা কৰি মুখপাত্ৰ গৰাকীয়ে কয় যে , "সাংবাদিক সকলৰ প্ৰতি বিজেপিয়ে এক বাৰ্তা দিব বিচাৰিছে যে, হয় বিজেপিৰ হৈ কাম কৰক , নহ'লে আক্ৰমণৰ সন্মুখীন হওক "