অসম

assam

ETV Bharat / state

ভোটাৰৰ সজাগতাৰ উদ্দেশ্যে গুৱাহাটীত সজাগতা দৌৰ - ৰান ফ'ৰ ভোট

"ৰান ফৰ ভোট" শীৰ্ষক দৌৰেৰে ভোটাৰক আকৰ্ষণৰ চেষ্টা নিৰ্বাচন আয়োগ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ ৷

ৰান ফৰ ভোট

By

Published : Mar 11, 2019, 11:53 AM IST

গুৱাহাটী, ১১মাৰ্চঃ নিৰ্বাচন আয়োগে লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাচতে তৎপৰ হৈ পৰিছে ৰাজ্যিকনিৰ্বাচনী আয়োগ ৷ ইতিমধ্যে নিৰ্বাচনআয়োগে নিৰ্বাচন সম্পৰ্কীয় বিভিন্ন অধিসূচনা জাৰী কৰাৰ লগতে ভোটাৰ ৰাইজক আকৰ্ষণ কৰিবলৈ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে ৷

ৰান ফৰ ভোট

সোমবাৰে ৰাতিপুৱাৰ ভাগতে কামৰূপ মহানগৰ জিলা প্ৰশাসনে ৰাজ্যিক নিৰ্বাচনী আয়োগৰ সহযোগত আয়োজন কৰে এক সজাগতামূলক দৌৰ ৷ মহানগৰীৰ বিভিন্ন শিক্ষানুষ্ঠানৰ প্ৰায় দুই শতাধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা "ৰান ফৰ ভোট" শীৰ্ষক দৌৰৰ উদ্বোধন কৰে মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে ৷

ভোটাৰ ৰাইজক আকৰ্ষণৰ উদ্দেশ্যে এইদৰে শীৰ্ষক সজাগতা দৌৰ উলিওৱা হয় ৷ মহানগৰীৰ লতাশিল খেলপথাৰৰ পৰা উলিওৱা দৌৰত শিক্ষাৰ্থীসকলক ব্ৰেণ্ড এম্বেছেদৰ হিচাপে লৈ আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভত ভোটাৰ ৰাইজক বাৰ্তা প্ৰদান কৰে ৰাজ্যিক নিৰ্বাচনী আয়োগে ৷

ABOUT THE AUTHOR

...view details