নিৰ্বাচনৰ বাবে তৎপৰ মহানগৰ জিলা প্ৰশাসন; ছ'চিয়েল মিডিয়াৰ ওপৰতো তীক্ষ্ণ নজৰ থাকিব মিডিয়া মনিটৰিং কোষৰ
সংবাদ মাধ্যম তথা ছ'চিয়েল মিডিয়াৰ ওপৰতো তীক্ষ্ণ নজৰ থাকিব মিডিয়া মনিটৰিং কোষৰ ৷ মহানগৰীৰ জিলা নিৰ্বাচনী বিষয়া তথা উপায়ুক্তই পুনৰ সতৰ্ক কৰি দিলে মিডিয়া মনিটৰিং কোষৰ বিষয়াসকলক ৷
কামৰূপ, 1 এপ্ৰিল:আগন্তুক লোকসভা নিৰ্বাচন বাবে তৎপৰ হৈ উঠিছে জিলা প্ৰশাসনসমূহ ৷ সোমবাৰে কামৰূপতো জিলাখনৰ উপায়ুক্ত তথা নিৰ্বাচনী বিষয়া বিশ্বজিৎ পেগুৱে মহানগৰীৰ আৱৰ্ত ভৱনত স্থাপিত মিডিয়া মনিটৰিং কোষ পৰিদৰ্শন কৰে ৷ কোষটো পৰিদৰ্শন কৰাৰ লগতে ইয়াৰ লগত জড়িত বিষয়াসকলক পুনৰ বাৰ নিৰ্বাচন আয়োগৰ নীতি-নিৰ্দেশনাবোৰ বিস্তাৰিত ৰূপত বুজায় দিয়ে উপায়ুক্ত গৰাকীয়ে ৷ লগতে, ছপা তথা বৈদ্যুতিক মাধ্যমৰ লগতে চ'ছিয়েল মিডিয়াটো তীক্ষ্ন নজৰ দিবলৈও সতৰ্ক কৰি দিয়ে মিডিয়া মনিটৰিং কোষৰ বিষয়াসকলক ৷